Site icon Guwahati Times

নামৰূপত যুৱতীলৈ গুলীচালনা আৰক্ষী বিষয়াৰ, তাৰ পিছত ছাৰ্ভিচ পিষ্টলেৰে গুলীয়ালে নিজৰ মূৰত

এক চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছে নামৰূপ। এগৰাকী আৰক্ষী বিষয়াই এগৰাকী মহিলাক গুলিওৱাৰ পিছত নিজেও নিজৰ মূৰত গুলীয়াই চূড়ান্ত সিদ্ধান্ত লয়। আৰক্ষী বিষয়াজনৰ নাম অনুপম গোৱালা। নিশা ২ বজাত লাহোৱালৰ ৰংপুৰীয়াত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনাটো। অনুপম গোৱালাই মহিলাগৰাকীক গুলীয়াই তাৰ পিছত নিজৰ মূৰত গুলীয়াই শেষ কৰে নিজৰ জীৱন। আনহাতে, গুলীবিদ্ধ মহিলাগৰাকী বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন।

জানিব পৰা মতে, অনুপম গোৱালাৰ ঘৰ বোকাখাতত। পূৰ্বৰে পৰা অনুপম আৰু মহিলাগৰাকীৰ মাজত ভাল চা-চিনাকি আছিল বুলি জানিব পৰা গৈছে স্থানীয় লোকৰ পৰা। অনুপম পূৰ্বে লাহোৱালৰ অ’ চি হিচাপে কৰ্মৰত আছিল। ঘটনাটো ৰংপুৰীয়াৰ মদাৰখাত জাতীয় বিদ্যালয়ৰ চৌহদত সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। জাতীয় বিদ্যালয়খনৰ চৌহদতে মহিলাগৰাকীৰ ঘৰ। মহিলাগৰাকীৰ আছে দুটি সন্তান।

অনুপম গোৱালা পূৰ্বে ডিব্ৰুগড়ৰ লাহোৱাল আৰু টেঙাখাত থানাত কৰ্মৰত আছিল। চিনাকী আছিল অঞ্চলটো। কিন্তু যোৱানিশা নামৰূপ থানাৰ পৰা ৭০ কিলোমিটাৰ দূৰৈৰ পৰা লাহোৱাললৈ কিয় আহিছিল অনুপম, তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ।

Exit mobile version