Site icon Guwahati Times

নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দায়িত্বৰ পৰা অব্যাহতি বিচাৰিলে সাংসদ গৌতম গম্ভীৰে!

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত দিল্লীৰ সাংসদ তথা ক্ৰিকেটাৰ গৌতম গম্ভীৰে ৰাজনৈতিক দায়িত্ব-কৰ্তব্যৰ পৰা বিচাৰিলে অব্যাহতি। গম্ভীৰ বিজেপিৰ সাংসদ। ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ বিজেপিত যোগদান কৰিছিল। বিজেপিৰ টিকটত পূব দিল্লীৰ লোকসভা সমষ্টিৰ পৰা জয়লাভো কৰিছিল। কিন্তু ঠিক পাঁচ বছৰ পিছত ক্ৰিকেটাৰগৰাকীয়ে জনালে, তেওঁ তেওঁৰ ক্ৰিকেট সংক্ৰান্তীয় দায়িত্ব আৰু কৰ্তব্য পালনতে মনোনিৱেশ কৰিব বিচাৰে। সেইমৰ্মে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক অনুৰোধো জনাইছে।

শনিবাৰেই প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ আৰু আইপিএল দল কলকাতা নাইট ৰাইডাৰ্ছৰ মেণ্টৰ (প্ৰাক্তন অধিনায়ক) গম্ভীৰে তেওঁৰ এক্স হেণ্ডেলত এটা পোষ্ট কৰি তেওঁৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে। কেকেআৰৰ মেণ্টৰগৰাকীয়ে লিখিছে, ‘‘মই মোৰ সন্মানীয় দলীয় সভাপতি জে পি নাড্ডাক মোক মোৰ ৰাজনৈতিক দায়িত্বৰ পৰা অব্যাহতি দিবলৈ অনুৰোধ জনাইছো। যাতে মোৰ আগন্তুক ক্ৰিকেট সম্পৰ্কীয় কৰ্তব্য পালনত অধিক মনোযোগ দিব পাৰো। মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাইছো, মোক মানুহৰ কাম কৰাৰ সুযোগ দিয়া বাবে। জয় হিন্দ।’ গম্ভীৰৰ এই পোষ্টক লৈ স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তেওঁ পুনৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ’বনে নাই তাক লৈ সৃষ্টি হৈছে প্ৰশ্নৰ।

উল্লেখযোগ্য যে ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব আইপিএল। অৰ্থাৎ লোকসভা নিৰ্বাচনৰ পূৰ্বে যেতিয়া জোৰদাৰ প্ৰচাৰ চলিব, তেতিয়াই চলিব আইপিএলো। যিহেতু কলকাতা নাইট ৰাইডাৰ্ছৰ মেণ্টৰ, সেয়ে দলৰ সৈতে থাকিব লাগিব তেওঁ। বিজেপি সূত্ৰে খবৰ, এই পৰিস্থিতিত ক্ৰিকেটাৰ সাংসদগৰাকীৰ পক্ষে দুয়োটা দিশ চম্ভালাটো সম্ভৱ নহ’ব বুলিয়ে তেওঁ এটা বাচি লৈছে।

Exit mobile version