২৮জুলাই,গুৱাহাটী-
বন্যাৰ্তক সহায় বাবে আগবাঢ়ি আহিছে উত্তৰপূৰ্বাঞ্চলৰ তৰ্কিক সকলক লৈ গঠিত অনুষ্ঠান নৰ্থ ইষ্ট ডিবেটাৰ্চ এছোছিয়েচন (নেডা ) । আজি নেডা ৰ উদ্যোগত কামৰূপ গ্ৰাম্য জিলাৰ বৃহত্তৰ ডিমৌৰ অঞ্চলৰ পানীখাইটি-উখুৱা গাঁওৰ শতাধিক বান পীড়িত পৰিয়ালক সাহায্য সামগ্ৰীৰ বিতৰণ কৰে। উল্লেখ্য যে, পুঠিমাৰী নৈৰ মাথাউৰী ছিঙি যোৱাত অঞ্চলটোত বানপানীয়ে বাৰুকৈ ক্ষতিগ্ৰস্ত কৰিছে। প্ৰথম পৰ্যায়ৰ বান সাহায্য বিতৰণ ৰ অংশ হিচাপে নৰ্থ ইষ্ট ডিবেটাৰ্চ এছোছিয়েচনে আজি বন্যাৰ্ত সকলক নিত্য ব্যৱহাৰযোগ্য বিভিন্ন সামগ্ৰী যেনে চাউল, দালি,চেনি,মুৰি,চাবোন, বিস্কুট, চুজি,চিৰা, ব্লিচিং পাউদাৰ, নিমখ,মহ খেদা ধূপ,হালধি, মম বাতি,ভূজিয়া,আঠুৱা,চয়াবিন,মিঠাতেল আদি বিতৰণ কৰে। পুনৰ অন্যান্য বান বিধ্বস্ত অঞ্চলত সংগঠনটিয়ে সাহায্য কায্যসূচী গ্ৰহণ কৰিব বুলি সদৰী কৰিছে। কোনো লোকে সহায়ৰ আগবাঢ়ব বিচাৰিলে ৭০০২০১৩৩৬১ আৰু ৯৩৬৫২২২৬০৮ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ।নেদাৰ আজিৰ কাৰ্যসূচীত সহযোগিতা কৰে হাইলেন্দাৰ ব্ৰিডেদ নামৰ অন্য এটি অনুষ্ঠানৰ সদস্য সকলেও।
Staff Report GTM

