Site icon Guwahati Times

পঞ্চায়ত নিৰ্বাচনী ঢৌ বলাৰ সমান্তৰাল ভাৱে বটদ্ৰৱা সমষ্টিতো ভাৰতীয় জনতা পাৰ্টীয়ে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে

পঞ্চায়ত নিৰ্বাচন সমাগত৷ সমগ্ৰ অসমত পঞ্চায়ত নিৰ্বাচনী ঢৌ বলাৰ সমান্তৰাল ভাৱে বটদ্ৰৱা সমষ্টিতো ভাৰতীয় জনতা পাৰ্টীয়ে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে। যোৱাটো বিধান সভা নিৰ্বাচনৰ পিছত বিগত ২ বছৰীয়া উন্নয়নৰ খতিয়ান লৈ আজি বটদ্ৰৱা সমষ্টিৰ বিধায়ীকা গৰাকীয়ে ৰাইজৰ মাজত নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে।আকৌ কয় যে আমাৰ একমাত্ৰ লক্ষ্য উন্নয়ন৷ সেই লক্ষেৰে আমি আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষনা হোৱাৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত দুৰ্নীতি মুক্ত, নিকা পঞ্চায়তী ৰাজ ব্যৱস্থাক বাস্তৱ ৰূপ দিব পাৰিম বুলি দৃহ বিশ্বাস বুলি কয়।

বটদ্ৰৱা সমষ্টিত সংখ্যালঘু সম্প্ৰদায়ৰ ৰাইজে যিদৰে ভাৰতীয় জনতা পাৰ্টিক মৰম আন্তৰিকতাৰে আকোৱালি লৈছে, ইয়ে ভৱিষ্যত দিনত ‘সৱকা সাথ সৱকা বিকাশ’ নীতিয়ে যে অধিক সফলতা লাভ কৰিব তাৰেই বাৰ্তা বহন কৰিছে সকলোকে।

Exit mobile version