Site icon Guwahati Times

পত্নীক ব্লেডেৰে আক্ৰমণ স্বামীৰ !

নিজ পত্নীক ব্লেডেৰে ক্ষতবিক্ষত কৰি আহত কৰা পাষাণ স্বামীক আটক আৰক্ষীৰ ৷ এই ঘটনা সংঘটিত হয় জাগীৰোডত ৷ পত্নীক ব্লেডেৰে ক্ষতবিক্ষত কৰি পলায়ন কৰা পাষণ্ড স্বামী মজিবুৰ ৰহমানক দেওবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে, পত্নীক আক্ৰমণ ব্লেডে আঘাত কৰা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল জাগীৰোডৰ পাশ্বৱৰ্তী শিলভঙাত ৷

তিনিমাহ দিন পূৰ্বে সামাজিকভাৱে বিবাহ কৰোৱাৰ পিছৰে পৰা যৌতুক বিচাৰি মাৰপিট কৰি অহাৰ মাজতে ১৫ মাৰ্চত পত্নীক এটা কোঠাত আবদ্ধ কৰি ব্লেডেৰে ক্ষতবিক্ষত কৰিছিল স্বামী মজিবুৰ ৰহমানে ৷

উদ্থাপিত অভিযোগ অনুসৰি পাষাণ মজিবুৰক সহযোগিতা আগবঢ়াইছিল শাহু মজিদা খাতুনে ৷ স্বামীৰ ব্লেডৰ আঘাতত দুৰ্ভগীয়া মহিলা গৰাকীৰ শৰীৰত চিলাই পৰিছে ৭১ টাকৈ চিলাই ৷

ইতিমধ্যে নিৰ্যাতিত বোৱাৰী গৰাকীয়ে জাগীৰোড থানাত গোচৰ ৰজু কৰাৰ পাছতে আৰক্ষীয়ে পলাতক পাষাণ স্বামীৰ সন্ধানত অভিযান দেওবাৰে নিশা আটক কৰে যদিও এতিয়াও পলাতক হৈ শহুৰ জাহেদ আলী আৰু শাহু মজিদা খাতুন ৷ ঘটনা সন্দৰ্ভত জাগীৰোড আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

Exit mobile version