Site icon Guwahati Times

পাকঘৰত থকা এই তিনিবিধ বস্তুৰেই আপুনি ৰক্ষা পাব পাৰে চকুৰ ফ্লু ‘কনজাংটিভাইটিছ’ৰ পৰা

বৰ্ষাকালত বহু ধৰণৰ বেক্টেৰিয়া, ভাইৰাছ আৰু এলাৰ্জীৰ সম্ভাৱনা বাঢ়ি যায়। যিবোৰ কাৰণত চকুৰ ফ্লুৱে মানুহক আৰু বেছি সমস্যাত পেলাইছে। চকুৰ খজুৱতি, ৰঙা বা গোলাপী চকুৰ ৰোগত আক্ৰান্ত হৈছে বহু লোক।

কোনোৱে চকুৰ ফ্লুত আক্ৰান্ত হৈ হাস্পতাললৈ গৈছে, কোনোৱে আকৌ চকুৰ ড্ৰপ কিনি নিজৰ চিকিৎসা কৰিছে, কিন্তু আপুনি জানেনে যে আপোনাৰ ঘৰত বা পাকঘৰত এনে কিছুমান বস্তু আছে যাৰ দ্বাৰা এই ফ্লুৰ দৰে ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি।

অল ইণ্ডিয়া ইনষ্টিটিউট অব আয়ুৰ্বেদৰ আয়ুৰ্বেদিক চকুবিদ্যাৰ সহকাৰী অধ্যাপক ডাঃ অংকুৰ ত্ৰিপাঠীয়ে জনাইছে যে কনজাংটিভাইটিছ বা চকুৰ ফ্লু বিয়পাৰ কাৰণ বহুত আছে। সংক্ৰমিত লোকৰ কাপোৰ স্পৰ্শ কৰা, একেলগে থকা, একেলগে খোৱা, হাত মিলোৱা, আলিংগন কৰা, তেওঁলোকৰ টাৱেল, ৰুমাল গাৰু, বিচনা আদি ব্যৱহাৰ কৰা আৰু বাৰম্বাৰ হাতেৰে স্পৰ্শ কৰাৰ ফলত ই বেছিকৈ বিয়পিব পাৰে।

এই ৰোগৰ প্ৰধান উপসৰ্গ হ’ল চকু ৰঙা হোৱা, খজুৱতি, পানী ওলোৱা আদি। কাৰোবাৰ এটা চকুত কনজাংটিভাইটিছ হ’লে চাবোনেৰে হাত নোধোৱাকৈ আনটো চকু স্পৰ্শ কৰিলে আনটো চকুও সংক্ৰমিত হ’ব পাৰে। সেইবাবে প্ৰতিৰোধৰ সঠিক পদ্ধতি জনাটো অতি প্ৰয়োজন।

ডাঃ অংকুৰে জনাইছে, চকুৰ ফ্লু হ’লে বা চকুৰ ফ্লুৰ পৰা বাচিবলৈ পাকঘৰত থকা তিনিটা বস্তুৰে চকু পৰিষ্কাৰ কৰা অতি প্ৰয়োজন। প্ৰথমে আপুনি পৰিষ্কাৰ পানীৰে চকু ধুব পাৰে। দ্বিতীয়তে, আপুনি ত্ৰিফলাৰ পানীৰে চকু পৰিষ্কাৰ কৰিব পাৰে আৰু তৃতীয়তে গোলাপ জলেৰে আপোনাৰ চকু ধুব পাৰে।

পৰিষ্কাৰ পানী আৰু গোলাপ জল সাধাৰণভাৱে ব্যৱহাৰ কৰিব পাৰে, কিন্তু ত্ৰিফলাৰ পানী তৈয়াৰ কৰিব লাগিব। এগিলাছ পৰিষ্কাৰ পানীত অকণমানি ত্ৰিফলা গুৰি মিহলাই উতলাই লওক। ভালকৈ উতলিলে নমাই ৰাখক। তাৰ পিছত এখন সূতাৰ কাপোৰেৰে সেই পানী ফিল্টাৰ কৰি লওক। তাৰ পিছত সেই পানীৰ চকু ধুৱক।

ডাঃ অংকুৰে আৰু জনাইছে, ঘনে ঘনে চাবোনেৰে হাত ধোৱা, পৰিষ্কাৰ ৰুমাল বা টাৱেল ব্যৱহাৰ কৰা, চকু নঘঁহা, আক্ৰান্ত ব্যক্তিৰ পৰা দূৰত থকা আদি কথাবোৰ মনত ৰাখিব লাগিব। কিন্তু ইমানৰ পিছতো চকুৰ সমস্যা নকমিলে চিকিৎসকৰ পৰামৰ্শ লওক।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।

Exit mobile version