Site icon Guwahati Times

পাঠদান চলি থকাৰ সময়তে মজিয়া ভাঙি ৫ ফুট তলত সোমাল ছাত্ৰী, বৰপেটাত ৮গৰাকী ছাত্ৰী আহত

বিভিন্ন সময়ত ঠিকাদাৰে মানুহৰ জীৱনক লৈ হেতালি খেলা পৰিলক্ষিত হয়। এইবাৰ এম এছ ডি পি আঁচনিৰ ঠিকাদাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা পৰিলক্ষিত হৈছে বৰপেটা জিলাৰ বালাগাঁও হাইস্কুলত। ঠিকাদাৰ প্ৰদীপ চন্দ্ৰ দাসৰ নিম্নমানৰ কামৰ বাবেই আজি পাঠদান চলি থকাৰ মাজতেই শ্ৰেণীকোঠাৰ মজিয়া ভাঙি ৫ ফুট গাঁতত সোমাই আহত হয় ৮গৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী।

এই ঘটনা সংঘটিত হোৱাৰ লগে লগে বিদ্যালয়খনত এক হুৱা-দুৱা পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত আতংকই বিৰাজ কৰে। লগে লগে বিদ্যালয় কৰ্তৃপক্ষই আহত ছাত্ৰীকেইগৰাকীক চেনিমাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰাই বুলিও জানিবলৈ দিয়ে বিদ্যালয়খনৰ প্ৰধান শিক্ষক মজিবৰ ৰহমানে।

উল্লেখ্যে যে প্ৰদীপ চন্দ্ৰ দাস নামৰ ঠিকাদাৰজনে এম এছ ডি পি আঁচনিৰ অধীনত ১৬.৭২ লাখ টকা ব্যায় সাপেক্ষে নিৰ্মাণ কৰা শ্ৰেণীকোঠাৰ কাম ২০১৯ চনত সম্পূৰ্ণ হয় যদিও আজি মজিয়া ভাঙি পৰাত কামৰ নমুনা উদঙাই দিছে।

এই নিম্নমানৰ কামৰ বাবে ঠিকাদৰৰ লগতে দায়িত্ববাহী অভিযন্তাৰ দায়িত্বজ্ঞানহীন কাণ্ডৰ বাবেই এই ঘটনা সংঘটিত হোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিভাগীয় কৰ্তৃপক্ষ তথা বৰপেটা জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ’ব লক্ষণীয়।

Exit mobile version