Site icon Guwahati Times

প্ৰথমে থানাত গোচৰ দিবলৈ যোৱা লোকক দুৰ্ব্যৱহাৰ, কৰ্তব্যত গাফিলতি।তাৰপিছত নিলম্বন, নিলম্বিত হ’ল মঙলদৈ মহিলা থানৰ উপ-পৰিদৰ্শক কৰবী শইকীয়া

মঙলদৈ সদৰ থানাৰ এছআই কৰবী শইকীয়াক নিলম্বন। শইকীয়াৰ বিৰুদ্ধে কৰ্তব্যত গাফিলতি, সহকৰ্মীক দুৰ্ব্যৱহাৰৰ অভিযোগ। তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ নিলম্বনৰ নিৰ্দেশ মঙলদৈৰ আৰক্ষী অধীক্ষকৰ।

অভিযোগ অনুসৰি কৰবী শইকীয়াক লৈ পূৰ্বেও বহু বিতৰ্কৰ সৃষ্টি হৈছিল। মঙলদৈৰ পূৰ্বে তেওঁ ধূলাত আছিল আৰু তাতো তেওঁ জনসাধাৰণৰ লগতে সহকৰ্মীক বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ আছে। কেৱল ইমানেই নহয়, একাংশৰ মতে টকা দাবী কৰে কৰবী শইকীয়াই।

তাৰপাছতে তেওঁ মঙলদৈ লৈ ট্ৰান্সফাৰ হৈছিল। কিছুদিন পূৰ্বে তেওঁ প্ৰাক্তন সেনা বিষয়াক দুৰ্ব্যৱহাৰ কৰিছিল আৰু তেওঁৰ গোচৰ সংক্ৰান্তীয় কাম কাজত গাফিলতি কৰিছিল। সেনা বিষয়া গৰাকীয়ে আৰক্ষী অধীক্ষকগৰাকীক এই বিষয়ে অৱগত কৰাইছিল। এইগৰাকী কৰবী শইকীয়াই মঙলদৈতো নিজৰ সহকৰ্মীক বেয়া ব্যৱহাৰ কৰি আহিছে। এনেবোৰ অভিযোগৰ ভিত্তিতে তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ নিলম্বনৰ নিৰ্দেশ মঙলদৈৰ আৰক্ষী অধীক্ষকৰ।

Exit mobile version