Site icon Guwahati Times

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে দিল্লীত বিতৰ্কিত পোষ্টাৰিংঃ ১০০ খন এজাহাৰ পঞ্জীয়ন

দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে বিতৰ্কিত পোষ্টাৰিং। প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে বিতৰ্কিত পোষ্টাৰ লগোৱা কাৰ্যৰ বাবে দিল্লী আৰক্ষীত প্ৰায় ১০০ খন এজাহাৰ পঞ্জীয়ন হৈছে।

এই এজাহাৰ প্ৰিণ্টিং প্ৰেছ আইন আৰু সম্পত্তি বিকৃতিকৰণ আইনৰ ধাৰাৰ অধীনত পঞ্জীয়ন কৰা হৈছে। এই গোচৰৰ ভিত্তিতে এই পৰ্যন্ত ৬ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

অৱশ্যে যিসমূহ পোষ্টাৰ লগোৱা হৈছে তাত কোনো প্ৰিণ্টিং প্ৰেছৰ বিৱৰণ নাই। আৰক্ষীয়ে এই কাৰ্যৰ বাবে সন্দেহবশতঃ আম আদমী পাৰ্টীৰ কাৰ্যালয়ৰ পৰা ওলাই যোৱা এখন বাহন ৰখাই তালাচী চলাই আৰু বাহনখনৰ পৰা কিছু বিতৰ্কিত পোষ্টাৰ জব্দ কৰে।

ইয়াৰ পিছতে বাহনখনত থকা লোক কেইজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

Exit mobile version