Site icon Guwahati Times

প্ৰসাদ খাই প্ৰায় ১৮০গৰাকী লোক অসুস্থ, বিচনাৰ অভাৱত চিকিৎসালয়ৰ বাৰাণ্ডাত চলিছে ৰোগীৰ চিকিৎসা

ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত ১নং থেকেৰাগুৰি গাঁওত খাদ্যত বিষক্ৰিয়াৰ ফলত প্ৰায় ১৮০ গৰাকীলোক অসুস্থ হৈ পৰে। গাঁওখনৰ মহিলা সমাজে পৰম্পৰাগত ভাৱে ভাদ মাহত ভদিয়া নাম লৈ অহাৰ পৰৱৰ্তী সময়ত দেওবাৰে এই নামৰ সামৰণি মাৰে।

১নং থেকেৰাগুৰি গাঁওৰ হৰিমন্দিৰ প্ৰাঙ্গনত অনুষ্ঠিত এই সামৰনি অনুষ্ঠানৰ পাছত পৰম্পৰাগত ভাবে বিতৰণ কৰিছিল মাহ প্ৰসাদ ,মিঠৈ আদি। বিয়লি এই মাহ প্ৰসাদ খাইছিল গাঁওখনৰ ভক্তপ্ৰাণ ৰাইজে। খোৱাৰ পাছতেই সন্ধিয়ালৈ প্ৰসাদ খোৱা ৰাইজৰ শৌচ বমি ,পেট কামোৰণী আদি ৰোগত ভুগিবলৈ আৰম্ভ কৰে।

আক্ৰান্ত সকলক ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈছে । চিকিৎসালয়ৰ ৫ গৰাকী চিকিৎসকে নিৰন্তৰ ভাবে চলাই গৈছে চিকিৎসা সেৱা। বিছনাৰ অভাৱত চিকিৎসালয়ৰ বাৰাণ্ডাত ৰোগীৰ চিকিৎসা কৰিছে।

ইতিমধ্যে ঘটনাৰ বুজ ল’বলৈ লখিমপুৰ জিলা আয়ুক্ত শোণিত স্বত্বৱান ,ঢকুৱাখনাৰ মহকুমাধিপতি কাৰ্ত্তিক কলিতা চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসা ব্যৱস্থাৰ তদাৰক কৰে। লগতে খাদ্য বিষক্ৰিয়া সন্দৰ্ভত এক তদন্ত কৰাৰ আশ্বাস দিয়ে জিলা আয়ুক্তই ।

Exit mobile version