Site icon Guwahati Times

পৰকীয়া প্ৰেমৰ বাবে হত্যাকাণ্ড…

মানকাচৰৰ অসম-মেঘালয় সীমান্তত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। মানকাচৰৰ কুৰালভাংগাত এজনে হত্যা কৰিলে পত্নীক। বৃহস্পতিবাৰে সংঘটিত হৈছে এই ঘটনা।

ফৰিদা খাতুনক হত্যা কৰি পলায়ন কৰে স্বামী জাহান উদ্দীনে। পৰকীয়া প্রেমৰ বাবেই এই হত্যাকাণ্ডৰ সন্দেহ কৰা হৈছে। অৱশ্যে হত্যাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।

ঘটনাস্থলীত কালাপানী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ লগতে পঠিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।

Exit mobile version