Site icon Guwahati Times

বটদ্ৰৱা আৰক্ষীৰ বৃহৎ সাফল্য ৪০ লিটাৰ চুলাই মদ,সহ এজনক আটক

বটদ্ৰৱা আৰক্ষীৰ বৃহৎ সাফল্য ৪০ লিটাৰ চুলাই মদ,সহ এজনক আটক।এক গোপন সূত্ৰৰ পম খেদি বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰপ্ত বিষয়া বীৰেণ কলিতাৰ নেতৃত্বত এটি আৰক্ষীৰ দলে ৪০ লিটাৰ চুলাই মদ,সহ বটদ্ৰৱাৰ ভেটিয়নিত সাজাহান আলী নামৰ এজন ব্যক্তিক আটক কৰে।ব্যক্তিজনৰ পৰা ৪০ লিটাৰ চুলাই মদৰ লগতে নম্বৰ বিহীন তিনি চকিয়া এখন আট বাহনো জব্দ কৰে।ব্যক্তিজনৰ ঘৰ নগাঁৱৰ চলচলীত বুলি জানিব পৰা গৈছে।আৰু অধিক তথ্যৰ বাবে বটদ্ৰৱা আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

Exit mobile version