Site icon Guwahati Times

বদ্ৰীনাথত হিমস্খলন: আৰু ১৫জন শ্ৰমিকক উদ্ধাৰ কৰিলে সেনা !

উত্তৰাখণ্ডৰ হিমস্খলন ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা ভাৰতীয় সেনাই এই পৰ্যন্ত ৪৭ জন শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এতিয়াও সন্ধানহীন হৈ আছে আৱদ্ধ হৈ থকা কমেও আঠজন শ্ৰমিক। শুকুৰবাৰে বিয়লি উত্তৰাখণ্ডৰ চামোলী জিলাৰ বদ্ৰীনাথৰ ওচৰৰ মানা গাঁৱত হঠাৎ সৃষ্টি হয় ভূমিস্খলন । সীমান্ত পথ সংস্থাৰ (বিআৰঅ’) কমেও ৫৫ জন কৰ্মী হিমস্খলনত আৱদ্ধ হৈ পৰে।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনস্থ বি আৰ অ’ কৰ্মীসকলক উদ্ধাৰৰ বাবে সেনাৰ লগতে ভাৰত-তিব্বত সীমান্ত আৰক্ষী (আই টি বি পি) আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ উদ্ধাৰকাৰী দলকো প্ৰেৰণ কৰা হৈছে। অৱশ্যে প্ৰতিকূল বতৰৰ বাবে শুক্ৰবাৰে উদ্ধাৰ অভিযান বাধাগ্ৰস্ত হয়। কম দৃশ্যমানতাৰ বাবে, হেলিকপ্টাৰখন দুৰ্ঘটনাস্থলীত অৱতৰণ কৰিব প্ৰায় নগ’ল।

বতৰ সামান্য উন্নতি হোৱাত শনিবাৰে পুৱা পুনৰ আৰম্ভ হ’ল হেলিকপ্টাৰ সেৱা। উদ্ধাৰ কৰা শ্ৰমিক কেইজনক মধ্য যোশীমঠৰ সেনা চিকিৎসালয়লৈ লৈ যোৱা হয়। ইতিমধ্যে চামোলী আৰক্ষীয়ে মানাত হিমস্খলনত আবদ্ধ হৈ থকা ৫৫ জন শ্ৰমিকৰ নামৰ তালিকা প্ৰকাশ কৰিছে। এই তালিকাত উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ আৰু বিহাৰৰ ১১ জনকৈ শ্ৰমিকৰ নাম অন্তৰ্ভূক্ত আছে।

ইয়াৰ উপৰিও, সাতজন শ্ৰমিক হিমাচল প্ৰদেশৰ, এজন জম্মু আৰু কাশ্মীৰৰ আৰু এজন পঞ্জাৱৰ। আন ১৩ জন শ্ৰমিকৰ ঠিকনা এতিয়াও জানিব পৰা হোৱা নাই। চামোলীৰ জিলা দণ্ডাধীশ সন্দীপ তিৱাৰীয়ে জনাই যে উদ্ধাৰ অভিযানৰ বাবে চাৰিখন হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে । এতিয়ালৈকে, দুৰ্ঘটনাস্থলীৰ পৰা ৪৭ জন লোকক উদ্ধাৰ কৰা হৈছে।

তেওঁলোকৰ সাতজনক চিকিৎসাৰ বাবে যোশীমঠৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছে। তেওঁলোক ইতিমধ্যে চিকিৎসাৰ তত্বাৱধানত আছে আৰু তিনিজনৰ স্বাস্থ্য স্থিতিশীল।

Exit mobile version