Site icon Guwahati Times

বন্ধ খামত বিজেপিৰ প্ৰাৰ্থীৰ ভাগ্য! অসমত ১২টা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰূপে কাক, ক’ত প্ৰক্ষেপ কৰা হ’ব?

লোকসভা নিৰ্বাচনৰ বাবে দেশৰ ৰাজনৈতিক দলসমূহৰ প্ৰস্তুতি তুংগত চলিছে। অসম বিজেপিৰ নেতৃত্বই ৰাজ্যৰ লোকসভাৰ প্ৰাৰ্থীৰ পেনেল লৈ দিল্লীত এতিয়া ব্যস্ত হৈ আছে ৷ ৰাজ্যৰ ১২টা লোকসভা সমষ্টিত কাক, ক’ত আৰু কেনেকৈ প্ৰক্ষেপ কৰা হ’ব সেই তালিকাত বিজেপি দলটোৰ ৰাষ্ট্ৰীয় নেতৃত্বই মোহৰ মাৰিব। ইয়াৰ মাজতে এগৰাকী সম্ভাৱ্য প্ৰাৰ্থীয়ে মনে প্ৰাণে বিচাৰিছে দিল্লীয়ে যাতে তেওঁৰ নামত মোহৰ নামাৰে, প্ৰাৰ্থনা কৰিছে তেওঁ যেন লোকসভাৰ টিকট লাভ নকৰক।

অসম বিজেপিৰ নিৰ্বাচন সমিতিয়ে ৰাজ্যৰ সম্ভাৱ্য প্ৰাৰ্থীৰ পেনেল লৈ দিল্লীত উপস্থিত হৈছে। বুধবাৰে পুৱাই একেখন বিমানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, সভাপতি ভৱেশ কলিতা দিল্লীলৈ যায় ৷ অসম বিজেপিৰ নেতৃত্ব দিল্লীত থকাৰ সময়ত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ৰক্তপ্ৰৱাহ যেন বৃদ্ধি পাইছে। গোপন খামত অসম বিজেপিয়ে কাৰ কাৰ নাম কঢ়িয়াই নিছে সেয়া জানিবলৈ সঘনে দিল্লীলৈ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ফোন লগাইছে। ইয়াৰ মাজতে তিনিটা সমষ্টি ডিব্ৰগড়, লখিমপুৰ, গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম উচ্চাৰিত হৈছে।

জানিব পৰা মতে, বাজপেয়ী ভৱনে নিয়োগ কৰা আহ্বায়ক, সহ আহ্বায়কে কোনোবাটো সমষ্টিত ৫জনৰ নাম প্ৰাৰ্থী হিচাপে পোৱাৰ বিপৰীতে কোনোবা সমষ্টিত ১৭গৰাকী প্ৰাৰ্থীৰ নাম পাইছে। ইয়াত আহ্বায়ক, সহ আহ্বায়কে গুৱাহাটী, কৰিমগঞ্জ, ধুবুৰীত সৰ্বাধিক প্ৰাৰ্থীৰ নাম পাইছে বুলি জানিব পৰা গৈছে। এক তথ্যৰ পৰা জানিব পাৰ মতে, স্বাভাৱিকতেই ১২টা সমষ্টিৰ ভিতৰত এটা সমষ্টিত আহোম প্ৰাৰ্থী, কমেও এটা সমষ্টিত চাহ জনগোষ্ঠীয় প্ৰাৰ্থী আৰু কমেও এটা সমষ্টিত মহিলা প্ৰাৰ্থী থাকিব।

উল্লেখ্য যে, এতিয়া বহু কথা নিৰ্ভৰ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওপৰত। সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়়ত নিৰ্বাচন খেলিলে ৰামেশ্বৰ তেলীয়ে টিকট হেৰুৱাব লগা হ’ব পাৰে। কাজিৰঙাত কামাখ্যা প্ৰসাদ তাছাই প্ৰাৰ্থিত্ব পাব পাৰে। অন্যথা কাজিৰঙাত দীপ্লু ৰঞ্জন শৰ্মা বা মৃণাল শইকীয়া বিজেপিৰ প্ৰাৰ্থী হ’ব পাৰে ৷ আহোমৰ প্ৰতিনিধি হিচাপে যোৰহাট সমষ্টিৰ বৰ্তমানৰ সাংসদ তপন কুমাৰ গগৈয়েই পুনৰ প্ৰাৰ্থিত্ব লাভৰ সম্ভাৱনা অধিক ৷ একে সময়তে বিজেপিয়ে মহিলা প্ৰাৰ্থী হিচাপে কোন সমষ্টি বাচনী কৰিব সেয়াও এই পৰ্যন্ত হৈ আছে বৃহৎ সাঁথৰ।

ইফালে নগাঁৱত বিৰোধীৰ ৰণকৌশলৰ ওপৰত নিৰ্ভৰ কৰি বিজেপিয়ে নগাঁৱত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। এই সময়খিনিত প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে টিকটৰ আশাত থকাৰ বিপৰীতে অসম চৰকাৰৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মনে প্ৰাণে টিকট নোপোৱাটোকে কামনা কৰিছে। পৰিমল শুক্লবৈদ্যই বিচাৰিছে দিল্লীয়ে তেওঁৰ টিকটত যাতে মোহৰ নলগায়। অৱশ্যে দলে টিকট দিলে উপায়ন্তৰ হৈ নিৰ্বাচনী যুঁজত নামিবলৈ সাজু বুলি কৈ পৰিমল শুক্লবৈদ্যই শিলচৰ, কৰিমগঞ্জ বিজেপিয়ে দখল কৰিব বুলি দাবী কৰিছে।

আনহাতে, দিল্লীত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই আনুষ্ঠানিক ঘোষণা কৰিছে যে অগপ, UPPLক একোখনকৈ আসন দিয়া হৈছে। দিল্লীত বৃহস্পতিবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠক অনুষ্ঠিত হ’ব ৷ অসম বিজেপিয়ে লৈ যোৱা প্ৰাৰ্থী পেনেলৰ উপৰিও হয়তো প্ৰাৰ্থী প্ৰক্ষেপৰ সময়ত জন মন ছাৰ্ভে আৰু RSSৰ বিচাৰ পৰিবাৰৰ চাৰ্টিফিকেটৰ ওপৰতো গুৰুত্ব দিব পাৰে।

Exit mobile version