Site icon Guwahati Times

বাক্সাত গণেশ পূজাৰ প্ৰসাদ খাই হাস্পতালত অৰ্ধশতাধিক লোক, শিশুৰ কৰুণ মৃত্যু

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ইক্ৰাবিল গাঁওত প্ৰসাদত বিষক্ৰিয়া হৈ গাঁওখনৰ শিশু, মহিলাসহ অৰ্ধশতাধিক লোক আক্ৰান্ত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ইতিমধ্যে প্ৰসাদত বিষক্ৰিয়া হোৱাৰ ফলত এটি শিশুৰ মৃত্যু হৈছে ৷ মৃত শিশুটিৰ নাম জ্যোতিকা নমঃদাস (১০) বুলি জানিব পৰা গৈছে ।

ৰঙিয়াৰ স্বস্তি হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় শিশুটিৰ ৷ উল্লেখ্য যে শনিবাৰে ইক্ৰাবিল গাঁওৰ এখন গণেশ পূজাত প্ৰসাদ খোৱাৰ পিছৰে পৰা বিষক্ৰিয়াৰ ঘটনা সংঘটিত হয়। পেটৰ বিষ, শৌচ, বমিত আক্ৰান্ত হয় গাঁওখনৰ লোকসকল ৷ বৰ্তমান নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে শিশু, মহিলাসহিতে ৫৮ গৰাকী ৰোগী ৷

Exit mobile version