Site icon Guwahati Times

বাঘবৰত বান পৰিস্থিতিৰ বুজ ললে বিভিন্ন দল সংগঠনে‌

সমগ্ৰ অসমৰ লগতে বাঘবৰ সমষ্টিতো বানপানীয়ে বিস্তৰ ক্ষতি সাধন ‌কৰিছে ,সেয়ে বানপানীত‌ ক্ষতি‌ হোৱা সমষ্টিৰ বিভিন্ন অঞ্চল পৰ্যবেক্ষণ কৰে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় যুৱক সকলে। বিভিন্ন দল সংগঠনৰ লগতে বাঘবৰ সমষ্টিৰ এই আই ইউ ডি এফ কমিটিৰ ফালৰ পৰা বানত ক্ষতিগ্ৰস্ত হোৱা দুখীয়া মানুহক ‌কিছু‌ খোৱা বস্তুৰ লগতে আৰ্থিক ভাবে সহায়ৰ হাত আগবঢ়ায়। ইয়াৰোপৰি আকবৰ আলী ফাউন্ডেছনৰ হৈ বাঘবৰ সমষ্টিৰ বিশিষ্ট সমাজ সেৱক ছামচুল হকেও বানত‌ ক্ষতিগ্ৰস্ত দুখীয়া মানুহৰ ‌লগত‌ মত‌ বিনিময় কৰে আৰু কিছু খোৱা বস্তুৰ লগতে আৰ্থিক বাবে ‌কিছু সহায়ৰ হাত আগবঢ়ায়। উল্লেখযোগ্য যে যোৱা বানত‌ পলাতক‌ হৈ থকা স্থানীয় বিধায়ক শ্বেৰমান আলী‌য়েও কালি সমষ্টিৰ বিভিন্ন অঞ্চল পৰ্যবেক্ষণ কৰে আৰু পৰিস্থিতিৰ বুজ লৈ দুখীয়া মানুহক কিছু খোৱা বস্তু,তিৰপাল ,দমকল আদি বিতৰণ‌ কৰে।

Exit mobile version