Site icon Guwahati Times

বিদ্যুৎ বিভাগৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ নগাঁৱৰ ননৈ- গোমোঠাগাঁৱৰ ৰাইজে আশ্ৰয় ল’লে নিশা নামঘৰত

নিউজ ব্যুৰ’,নগাঁও,৬ছেপ্টেম্বৰ:–বিদ্যুৎ বিভাগৰ অকৰ্মণ্যতাই যেন এতিয়া অতিষ্ঠ কৰিছে সাধাৰণ ৰাইজক। অত্যধিক গৰমত লোড শ্বেডিং আৰু কম ভল্টেজৰ বাবে ৰাইজে ব্যাপক হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে । উচ্চ নিৰিখত বিদ্যুতৰ বিল আদায় দিয়াৰ পিছতো ৰাইজে পৰ্যাপ্ত পৰিমাণে বিদ্যুৎ যোগান লাভ কৰা নাই । আনহাতে,বহু গ্ৰামাঞ্চলত ট্ৰেণ্সফৰ্মাৰৰ অভাৱত ৰাইজে ভ’ল্টেজৰ সমস্যাত ভূগিছে । নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ননৈ গোমোঠা গাঁৱত বিদ্যুতৰ অভাৱত অতিষ্ঠ হৈ অঞ্চলৰ ৰাইজে সমূহীয়াভাৱে জেনেৰেটৰ ভাড়া কৰিলে । স্থানীয় ৰাইজে জেনেৰেটৰ ভাড়া কৰি আশ্ৰয় ল’ব লগা হৈছে গোমোঠা গাঁৱৰ নামঘৰত । ক্ষোভিত ৰাইজে সংবাদ মাধ্যমক জনোৱা অনুসৰি ট্ৰেণ্সফৰ্মাৰ আৰু নিয়মীয়া বিদ্যুৎ যোগানৰ বাবে ৰাইজে বহুবাৰ স্থানীয় বিধায়ক জিতু গোস্বামীৰ জৰিয়তে বিদ্যুৎ বিভাগক আবেদন জনাইছে যদিও বৰ্তমানলৈকে বিভাগটোৱে কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। স্থানীয় বিধায়কগৰাকীৰ ভূমিকাক লৈও অসন্তুষ্ট প্ৰকাশ গাঁওবাসীৰ । সেয়ে নিজাববীয়াকৈ এই পদক্ষেপ গ্ৰহণ কৰিছে গাঁওখনৰ ৰাইজে। উল্লেখ যোগ্য যে,বিগত প্ৰায় ৫দিন ধৰি উৎকট গৰমে দহিছে ৰাজ্যবাসীক। তাৰ মাজতে ভূতৰ ওপৰত দানহ পৰা দি বিদ্যুৎ বিভাগৰ এই মইমতালিয়ে সাধাৰণ ৰাইজক অতিষ্ঠ তুলিছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version