Site icon Guwahati Times

বিয়াত নিমন্ত্ৰণ অবিহনে উপস্থিত অসংখ্য লোক; অৱশেষত খাদ্য খাবলৈ হ’লে দেখুৱাব লগা হ’ল আধাৰ কাৰ্ড…

শেষত বিয়াত খাই থাকোঁতে দেখুৱাব লগা হ’ল আধাৰ কাৰ্ডখন! আশ্চৰ্যজনকভাৱে এই ঘটনা আচলতে উত্তৰ প্ৰদেশৰ আমৰোহা জিলাত সংঘটিত হৈছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আমৰোহা জিলাৰ হাছানপুৰৰ এটা ঘৰত একে সময়তে দুগৰাকী ছোৱালীৰ বিয়া হৈছিল। বিয়া অনুষ্ঠানৰ বাবে মানুহ আহিবলৈ আৰম্ভ কৰাৰ লগে লগে কইনাৰ পৰিয়ালৰ লোকে অনুমান কৰিলে যে নিমন্ত্ৰণ কৰা লোকৰ সংখ্যাতকৈও অধিক লোক বিয়াঘৰলৈ আহিছে। ছোৱালীজনীৰ ঘৰৰ মানুহে বুজি পাইছে যে তেওঁলোকৰ বহুতেই নিমন্ত্ৰণ নোপোৱাকৈ বিয়ালৈ আহিছে। কিন্তু খাদ্যৰ পৰিমাণ সীমিত হোৱাৰ বাবে তেওঁলোকে কি কৰিব ভাবি বিবুধিত পৰিল।

ইয়াৰ পিছত দৰাজনে এটা অদ্ভুত কৌশলৰ কথা ভাবিলে। খোৱাৰ বাবে শাৰীত আধাৰ কাৰ্ড দেখুৱালেহে খাদ্য উপলব্ধ হ’ব বুলি ঘোষণা কৰা হ’ল।

কিন্তু নিমন্ত্ৰণ পোৱাৰ পিছতো আধাৰ কাৰ্ড ননাৰ বাবে ইয়াৰে অতিথিসকলৰ বহুতেই ভোকত ঘূৰি আহিবলৈ বাধ্য হয়। এই ঘোষণাৰ পিছত নিজকে অপমানিত অনুভৱ কৰা বুলি একাংশ লোকে বিবাহ এৰি থৈ যায়। যিসকলৰ ঘৰ ওচৰতে, ঘৰলৈ গৈ আধাৰ কাৰ্ড লৈ বিয়াত খাদ্য গ্ৰহণ কৰে। ইতিমধ্যে আধাৰ কাৰ্ড থকা সকলে ঘোষণাৰ পিছতে ফাষ্টফুডৰ শাৰীলৈ লৰালৰিকৈ সোমাই পৰে। সমগ্ৰ ঘটনাৰ এটা ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

Exit mobile version