Site icon Guwahati Times

বিয়াৰ পিছৰে পৰা স্বামীয়ে দাবী কৰিছিল বাইক আৰু টকা, সেয়া দিব নোৱাৰা বাবেই স্বামীয়ে নৃশংসভাৱে হত্যা কৰিলে তৰালিক!

অসম-নাগালেণ্ড সীমান্তৰ গোলাঘাট জিলাৰ মেৰাপানী আৰক্ষী থানাত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতি। নিজ পত্নীক হত্যা কৰি চৰম পথ লোৱাৰ ৰূপ দিয়াৰ চেষ্টাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে। মৃত তৰালি দাসৰ পৰিয়ালে অপৰাধীক গ্ৰেপ্তাৰৰ লগতে ন্যায় বিচাৰৰ দাবীত থানা ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিছে। উল্লেখ্য যে মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত ৰতনপুৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। বিশ্বজিৎ বসুমতাৰী নামৰ যুৱকজনে এক বছৰৰ পুৰ্বে বিয়া কৰাইছিল মেৰাপানীৰ নাৰায়ণপুৰ গাঁৱৰ তৰালি দাসক।

বিয়াৰ পিছৰে পৰা বিশ্বজিৎ বসুমতাৰীয়ে যৌতুক হিচাপে এখন বাইক আৰু টকা-পইচা দাবী কৰি অহাৰ অভিযোগ তৰালি দাসৰ পৰিয়ালৰ। সোমবাৰে নিশা তৰালিয়ে চৰম সিদ্ধান্ত লোৱা বুলি পৰিয়ালৰ লোকক খবৰ দিয়াৰ পাছতেই মাতৃগৃহত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। ঘটনাৰ সন্দৰ্ভত মেৰাপানী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সোধ-পোছৰ বাবে তৰালি দাসৰ স্বামী বিশ্বজিৎ বসুমতাৰী, শহুৰ আৰু শাহুৱেকক ইতিমধ্যে আটক কৰিছে।

Exit mobile version