Site icon Guwahati Times

বিয়াৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰা বাবে অন্তৰংগ মূহুৰ্তৰ ফটো-ভিডিঅ’ ভাইৰেল কৰিলে প্ৰেমিকে

 বিয়াৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰা বাবে অন্তৰংগ মূহুৰ্তৰ ফটো- ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল কৰি প্ৰেমিকে ব্লেকমেইলিং কৰাৰ ঘটনা পোহৰলৈ আহিছে। প্ৰেমিকৰ বিৰুদ্ধে থানাত গোচৰ তৰাৰ পিছতো আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাত অৱশেষত এটা এন জি অ’ৰ জৰিয়তে সংবাদ মাধ্যমৰ দ্বাৰস্থ হৈছে প্ৰেমিকা। এই ঘটনা কাছাৰ জিলাৰ।

চাৰি মাহ পূৰ্বে ৰেলেৰে কৰিমগঞ্জলৈ যোৱাৰ সময়ত কৰিমগঞ্জৰ বিট্টু দাস নামৰ এজন যুৱকৰ সৈতে পৰিচয় হৈছিল শিলচৰৰ যুৱতী গৰাকীৰ। ইয়াৰ পিছত ফোন নম্বৰ আদান প্ৰদান আৰু তাৰ পিছত দুয়োৰে মাজত গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক।

অভিযোগ অনুসৰি যুৱতীক প্ৰেমৰ জালত পেলাই প্ৰেমিক বিট্টু দাসে দুয়োৰে কিছুমান অন্তৰংগ মূহুৰ্তৰ ফটো আৰু ভিডিঅ তুলি ব্লেকমেইলিং কৰি প্ৰেমিকাৰ পৰা ধন দাবী কৰা আৰম্ভ কৰিলে। তেওঁৰ লগত বিয়াত নবহিলে ফটো আৰু ভিডিঅ সামাজিক মাধ্যমত ভাইৰেল কৰি দিয়াৰ ভাবুকি দিছিল প্ৰমিকে ।

প্ৰেমিকাই বিয়াৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাত শেষত তেওঁলোকৰ অন্তৰংগ ফটো আৰু ভিডিঅ’ ভাইৰেল কৰে প্ৰেমিক বিট্টু দাসে। আনহাতে বিট্টুই যদি দোষ কৰিছে তেন্তে, তেওঁ উপযুক্ত শাস্তি পোৱা উচিত বুলি মন্তব্য কৰিছে বিট্টুৰ পিতৃয়ে।

Exit mobile version