ষ্টক মাৰ্কেটত বিনিয়োগৰ নামত শ শ কোটি টকা লুণ্ঠনৰ অভিযোগত আটক হ’ল বিশাল ফুকন। ডিব্ৰুগড়ৰ প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ পৰা ধনকুবেৰ বিশাল ফুকনক আটক কৰে ডিব্ৰুগড় আৰক্ষীয়ে। বিশালৰ এপাৰ্টমেণ্টত ৪ ঘণ্টাজোৰা তালাচীৰ অন্তত ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰে বিশালক। বিশাল ফুকন থকা প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ ৫০৩ নম্বৰ ফ্লেটত এতিয়াও আৰক্ষীয়ে চলাই আছে অভিযান।
মাত্ৰ ২২ বছৰ বয়সতে কোটি কোটি টকাৰ গৰাকী এইজন বিশাল ফুকন। ৪০০০ কোটি টকা লুটি দীপাংকৰ বৰ্মন নামৰ মহাপ্ৰৱঞ্চকটোৱে পলায়ন কৰাৰ পিছত চৰ্চালৈ আহিছিল বিশাল ফুকনৰ নাম। ফেচবুক আৰু ইনষ্টাগ্ৰামত স্পষ্টীকৰণ দি লুণ্ঠনৰ অভিযোগ নস্যাৎ কৰিছিল বিশাল ফুকনে। কিন্তু তেওঁৰ স্পষ্টীকৰণতো নিয়ম ভংগ কৰাৰ কথা স্পষ্ট হৈছিল। লুণ্ঠনৰ জাল মেলা এই লোকসকলে আইনগতভাৱে এনেদৰে ধন সংগ্ৰহ আৰু বিনিয়োগ কৰিব নোৱাৰে।
গ্ৰাহকক কম দিনতে ধনী হোৱাৰ সপোন দেখুৱাইছিল বিশালে। শ্বেয়াৰ বজাৰত বিনিয়োগৰ বাবে ধন লোৱাৰ পূৰ্বে ৭ দফীয়া এখন চুক্তি কৰে তেওঁ। ন’টাৰীৰ যোগেদি সম্পন্ন কৰা চুক্তিত ৬০ দিনৰ ভিতৰত ৩০ শতাংশ লাভৰ গেৰাণ্টী দিছিল বিশাল ফুকনে। হয়তো বিশাল ফুকনে চুক্তি কৰি ৬০ দিনৰ বাবে লোৱা ধনেৰে বিলাসী জীৱন কটোৱাৰ লগতে শ্বেয়াৰ বজাৰৰ উপৰি বিনিয়োগ কৰিছিল নিজৰ ফাৰ্মাচিউটিকেল, কনষ্ট্ৰাকছন আৰু প্ৰডাকচন কোম্পানীত।
অভিযোগ অনুসৰি, ২২ বছৰ বয়সতে তিনিটা কোম্পানীৰ মালিক বিশাল ফুকন। মন গ’লেই স্কাই ডাইভ কৰিবলৈ ডুবাইলৈ যায় বিশাল। মন গ’লেই বিশালে ক্ৰয় কৰে লাখ লাখ টকীয়া বিলাসী বাহন। মডেলিং কৰে, মিউজিক ভিডিঅ’ বনাই ছচিয়েল মিডিয়াৰ পেজ ৰঙীন কৰি ৰাখে বিশালে। গীত গোৱাত বিশালৰ আছিল আগ্ৰহ। বিলাসী জীৱন কটোৱা বিশালে কণ্ঠ নিগৰাইছিল গীততো। মুঠৰ ওপৰত যি মন যায় তাকেই কৰিছিল বিশাল ফুকনে। কাৰণ হাতত আছিল কোটি কোটি টকা।
অভিযোগ অনুসৰি, অসমীয়া সাংস্কৃতিক জগতৰ বহু জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীৰ সৈতে অতি ঘনিষ্ঠ সম্পৰ্ক ধনকুবেৰ বিশাল ফুকনৰ। অধিক লাভৰ আশাত শ শ বিনিয়োগকাৰীয়ে বিশালৰ হাতত তুলি দিয়া ধন কেৱল নিজৰ নামতে খৰচ কৰা নাছিল বিশাল ফুকনে। সেই ধনৰ কিছু অংশ খৰচ কৰিছিল আত্মীয়-স্বজনৰ বাবেও। ৰাজস্থানৰ উদয়পুৰত অনুষ্ঠিত হোৱা এগৰাকী অভিনেত্ৰী-কৰিঅ’গ্ৰাফাৰৰ বিয়াতো এইজন বিশাল ফুকনেই পানীৰ দৰে ধন খৰচ কৰাৰ অভিযোগ উঠিছে।
মুঠতে ব্যৱসায়ৰ পৰা সাংস্কৃতিক জগতলৈ, ভ্ৰমণৰ পৰা বিশাসবহুলতালৈ সকলোতে চখ আছিল বিশালৰ। কিন্তু মাত্ৰ ২২ বছৰ বয়সতে এয়া কেনেকৈ সম্ভৱ? সকলোৰে মনত প্ৰশ্ন জাগিছিল, ক’ত বিশাল ফুকনে বিচাৰি পাইছিল ‘আলাদিনৰ আচৰিত চাকি’? আৰক্ষীৰ তদন্তত হয়তো ওলাব বিশালৰ ‘বিশাল’ সম্পত্তিৰ ৰহস্য!
Source : News18 Northeast

