Site icon Guwahati Times

বিশ্বনাথত কৰুণ ঘটনা! পুখুৰীত উদ্ধাৰ মাতৃসহ দুই সন্তানৰ মৃতদেহ

বিশ্বনাথৰ জপৌবাৰীত এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে।

 
মাতৃসহ দুই শিশুৰ সলিল সমাধি ঘটা এক খবৰ পোহৰলৈ আহিছে।
সোমবাৰৰ পৰা সন্ধানহীন হৈ আছিল দুই সন্তানসহ এগৰাকী মাতৃ। আজি পুৱা ঘৰৰ সমীপৰ পুখুৰীত উদ্ধাৰ হয় তিনিওৰে মৃতদেহ।
নিহত মাতৃগৰাকীৰ নাম মিনালী ওৰাং। আনহাতে নিহত দুই সন্তান ক্ৰমে ৰোহন ওৰাং আৰু আনন্দ ওৰাং।
ঘটনাটোত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু ওচৰ-চুবুৰীয়াৰ মাজত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।
এয়া হত্যা, আত্মহত্যা নে দুৰ্ঘটনা সেয়া জানিব পৰা হোৱা নাই। তদন্তৰ অন্ততহে প্ৰকৃত সত্য পোহৰলৈ আহিব।
Exit mobile version