Site icon Guwahati Times

বিশ্বৰ সবাতোকৈ প্ৰদূষিত চহৰ দিল্লী…

বৰষুণৰ পাছত ৰাজধানী দিল্লীত কিছু পৰিমাণে প্ৰদূষণৰ মাত্ৰ কমিছিল যদিও পুনৰ ভয়ংকৰ হৈ পৰিছে দিল্লীৰ বায়ু প্ৰদূষণ। নিষেধাজ্ঞাৰ পাছতো দিপাৱলীত ফটকা ফুটোৱা বাবে দিল্লীৰ বায়ু প্ৰদূষণ বৃদ্ধি হৈছে।

দিপাৱলীৰ পিছত সোমবাৰে পুৱা দিল্লীৰ বায়ু প্ৰদূষণৰ স্তৰ পুনৰ বৃদ্ধি পাইছে। ধোঁৱাৰ ছানি ধৰিছে দিল্লী। সোমবাৰে দিল্লী বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰত পৰিণত হয়। তাৰপাছতে আছে পাকিস্তানৰ লাহোৰ আৰু কাৰাচী। প্ৰদূষিত চহৰৰ তালিকাত নাম আছে মুম্বাই আৰু কলকাতাৰো। দিল্লীৰ বিভিন্ন ঠাইত একিউআই ৪০০ ৰো অধিক হয়।

উল্লেখ্য যে, দিপাৱলীৰ সময়ত উচ্চতম ন্যায়ালয়ে ফটকাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। তাৰ পাছতো ন্যায়ালয়ৰ নিষেধাজ্ঞাক কানসাৰ নিদিলে একাংশলোক। এই প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱাৰ প্ৰভাৱ কিন্তু জনসাধাৰণৰ ওপৰতেই পৰিব।

আনহাতে দিপাৱলীৰ পাছতে অসমৰ গুৱাহাটী মহানগৰীতো বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা। ধোৱা বৰণীয়া আৱৰণে ছানি ধৰিছে দিল্লীৰ আকাশ-বতাহ।

Exit mobile version