Site icon Guwahati Times

বীৰ হনুমানৰ কৃপা পাবলৈ আজিয়ে জানি লওক এই কথা

ভক্তৰ ভগৱানৰ প্ৰতি থকা অগাধ বিশ্বাস আৰু ভক্তিৰ ফলত তেওঁলোকৰ মাজত এক অপূর্ব সম্পর্ক গঢ়ি উঠে। এই অপূর্ব সম্পর্ক দেখা যায় হনুমান আৰু তেওঁৰ ভক্ত সকলৰ মাজতো ( Religious Studies )। হনুমানে নিজৰ ভক্ত সকলক কেতিয়াও নিৰাশ নকৰে, ভক্তই বিচৰা ধৰণেই সুখ সমৃদ্ধি তেওঁ প্ৰদান কৰে। কিন্তু হনুমানক সন্তুষ্ট কৰাটো ইমান সহজ কথা নহয়। ইয়াৰ বাবে লাগিব ধৈর্য্য আৰু কঠোৰ সাধনা । ইয়াৰ দ্বাৰা তেওঁক সন্তুষ্ট কৰিব পাৰিলে, তেওঁ ভক্তৰ সকলো দুখ বিনাশ কৰি ভক্তৰ জীৱনত আনন্দৰ বন্যা প্ৰবাহিত কৰে।
হনুমানে ভক্ত সকলৰ সকলো দুখ কষ্ট দূৰ কৰি শান্তি প্ৰদান কৰে। কিন্তু দুষ্টৰ ক্ষেত্রত ইয়াৰ সম্পূর্ণ বিপৰীত , হনুমানে দুষ্টৰ প্ৰতি দমন নীতি ব্যৱহাৰ কৰে আৰু ইয়াৰ প্ৰমাণ তেওঁ ৰামায়ণৰ যুগৰ পৰাই দি আহিছে।
হনুমানৰ ভক্ত সকলে তেওঁক আৰাধনা কৰিবলৈ ঘৰত তেওঁৰ প্ৰতিমুৰ্তি স্বৰূপ তেওঁৰ ফটো বা মুৰ্তি ৰখা দেখা যায়। কিন্তু বহু সময়ত সেই ফটো বা মুৰ্তি ৰখাৰ সঠিক স্থান নিৰ্বাচন কৰাত তেওঁলোক ব্যৰ্থ হয়। যাৰ ফলত তেওঁ লোকে বিচৰা ধৰণে ভগৱানৰ আশীষ লাভ কৰিব নোৱাৰে । সেয়ে আজি আলোচনা কৰিবলৈ ওলাইছো কোন স্থানত হনুমানৰ ফটো ৰাখিলে আপুনি হনুমানৰ সম্পূর্ণ আশীষ লাভ কৰিবলৈ সমৰ্থ হ’ব।

হনুমানৰ সম্পূর্ণ আশীষ লাভ কৰিবলৈ আমি তেওঁৰ ফটোখন দক্ষিণ দিশত ৰখা উচিত । দক্ষিণ দিশত মুখ কৰি থকা হনুমানে কেতিয়াও ঘৰত দুখ কষ্ট আদি প্ৰবেশ কৰিবলৈ নিদিয়ে। যাৰ ফলত আমাৰ ঘৰত সুখ শান্তি অব্যাহত থাকে। তাৰোপৰি আমি নিজৰ শয়ন কক্ষত হনুমানৰ ফটো ৰখাটো অনুচিত ।

হনুমান সদায় নিজৰ ভক্তৰ প্ৰতি সু দৃষ্টি ৰাখি আহিছে । সেয়েহে যথা নীতি নিয়ম অনুসৰি তেওঁৰ পূজা অৰ্চনা কৰি আমি তেওঁৰ আশীষ চিৰ জীৱন লাভ কৰিব পাৰো।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

Exit mobile version