Site icon Guwahati Times

বৈশাগু উৎসৱ চাবলৈ যোৱা ২ যুৱতীৰে অপকৰ্ম! তাৰ পিছত অপকৰ্মৰ অভিযুক্তৰ প্ৰহাৰত প্ৰাণ গ’ল যুৱকৰ!

ভয়ংকৰ! শিহৰণকাৰী! গাৰ নোম শিয়ৰি উঠা এক ঘটনা! গোৱালপাৰাৰ দুধনৈত সংঘটিত হৈছে এক গাৰ নোম শিয়ৰি উঠা। ৩ মে’ দুধনৈত বৈশাগু অনুষ্ঠান চাবলৈ গৈছিল ২ যুৱতীয়ে। কিন্তু বৈশাগু উৎসৱ চাই উভতি অহাৰ পিছেত সংঘটিত হয় শিহৰণকাৰী ঘটনা। ৩ নৰখাদ যুৱকে প্ৰথম বৈশাগু উৎসৱ চাই উভতি অহা যুৱতীক অপকৰ্ম কৰে। তাৰ পিছত পথৰ দাঁতি পেলাই থৈ যায় ৩ নৰখাদকে।

পৰৱৰ্তী সময়ত ৫ মে’ত ভুক্তভোগী পৰিয়ালে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে। কিন্তু ৩ অভিযুক্তৰ মাত্ৰ এজনকে প্ৰথম অৱস্থাত আৰক্ষীয়ে কৰায়ত্ব কৰে। দুটা অভিযুক্তক নিশালৈকে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ পৰা নাছিল। তাৰ পিছতে যুৱতীকেইগৰাকীৰ পৰিয়ালে অভিযুক্তৰ ঘৰলৈ ৩ নৰখাদক বিচাৰি যায়। কিন্তু তাতে পৰিস্থিতি অতি ভয়াৱহ হৈ পৰে। অভিযুক্তৰ ঘৰৰ একাংশ লোক যুৱকৰ দলটোৰ ওপৰত জপিয়াই পৰে। অভিযুক্ত পৰিয়ালৰ উপৰ্যুপৰি প্ৰহাৰত তিনিজনকৈ যুৱক গুৰুতৰভাৱে আহত হয়৷

ইয়াৰে হিৰন্ময় খাখলাৰী নামৰ যুৱকজন গুৰুতৰভাৱে আহত হয়। আহত হিৰন্ময় খাখলাৰীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। কেইবাদিনো চিকিৎসাধীন হৈ থকা হিৰন্ময় খাখলাৰী নামৰ যুৱকজনে ১৬ মে’ত মৃত্য হয়। তাৰ পিছতে সমগ্ৰ ঘটনাটোয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলাখনতে।

এতিয়া দুধনৈ আৰক্ষীৰ ভুমিকাক লৈও প্ৰশ্ন কৰিছে একাংশই। দিনৰ ভাগতে অভিযুক্তৰ বিৰুদ্ধে ভুক্তভোগীয়ে এজাহাৰ দিয়াৰ পিচতো কিয় নিশালৈকে ব্যৱস্থা গ্ৰহণ কৰা নাছিলে আৰক্ষীয়ে? যুৱকৰ এটা দলে অভিযুক্তৰ দলটোক কৰায়ত্ত কৰাত কিয় বাধা প্ৰদান নকৰিলে আৰক্ষীয়ে? যাৰ ফলত সমগ্ৰ ঘটনাটোয়ে এতিয়া অন্যফালে গতি কৰা পৰিলক্ষিত হৈছে ৷ পৰৱৰ্তী সময়ত অপকৰ্মৰ সৈতে জড়িত ৩ অভিযুক্ত ধন তালুকদাৰ, বাহাৰ আলী আৰু ৰহমান আলীক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে৷ আনহাতে সমগ্ৰ ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত এগৰাকী মহিলা আৰু আন এজন লোকক আৰক্ষীয়ে আটক কৰি তদন্ত আৰম্ভ কৰিছে৷

Exit mobile version