Site icon Guwahati Times

বৰাকৰ ছয়গৰাকী আৰক্ষীয়ে লাভ কৰিলে মুখ্যমন্ত্ৰীৰ পদক

কৰ্মক্ষেত্ৰত বিশেষ কৃতিত্বৰ বাবে স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন পদবীৰ ৩৭গৰাকী আৰক্ষী জোৱানে মুখ্যমন্ত্ৰীৰ পদক লাভ কৰিছে । ইয়াৰ ভিতৰত আছে বৰাক উপত্যকাৰ ৬ জন আৰক্ষী (Six policemen from Barak Valley get CM’s medal)।

বৰাক উপত্যকাৰ পৰা পদক লাভ কৰাসকলৰ ভিতৰত আছে শিলচৰত কৰ্মৰত দক্ষিণ অসম ৰেঞ্জৰ আৰক্ষী ডি আই জি কংকন জ্যোতি শইকীয়া, কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাতো আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ নিয়ন্ত্ৰণ) কল্যাণ কুমাৰ দাস ।
কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পার্থ প্রতিম দাস, অতিৰিক্ত আৰক্ষী অধীক্ষক প্রতাপ দাস আৰু মহিলা উপ-পৰিদৰ্শক এম ডি চাংমাই বঁটা লাভ কৰিছে ।
সংকটৰ সময়ত দেখুওৱা বীৰত্বৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক লাভ কৰিছে ডি আই জি কংকনজ্যোতি শইকীয়া আৰু কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাতোৱে । আন চাৰিজনে কৰ্মক্ষেত্ৰত কৃতিত্বৰ বাবেই লাভ কৰিছে আৰক্ষী পদক ।

Exit mobile version