Site icon Guwahati Times

ভনীয়েকৰ প্ৰেমৰ সম্পৰ্ক মানি ল’ব পৰা নাছিল, যুৱকে কৰি পেলালে ভয়ংকৰ কাণ্ড!

ভগ্নীৰ প্ৰেমৰ সম্পৰ্ক মানি ল’ব পৰা নাছিল যুৱকজনে। কিন্তু তাৰ পৰিণতি যি হ’ল, সেয়া কোনোৱে ভাবিবও পৰা নাছিলষ সমগ্ৰ দেশ যেন শিয়ৰি উঠিল এই নৃশংসতাত। শুকুৰবাৰে উত্তৰ প্ৰদেশৰ বাৰাবাংকীৰ পৰা যুৱকজনক গ্ৰেপ্তাৰ কৰা হয় হত্যাৰ অভিযোগত। আৰু ভগ্নীৰ মূৰ হাতত লৈ থানাত প্ৰৱেশ কৰে যুৱকজনে।

ঘটনাটো উত্তৰ প্ৰদেশৰ ফতেহপুৰ অঞ্চলৰ মিঠৱাৰা গাঁৱৰ। ধৃত ৰিয়াজে তেওঁৰ ভগ্নী আছিফাক কেৱল হত্যা কৰাই নহয়, চোকা অস্ত্ৰৰে শিৰচ্ছেদ কৰিছে বুলি অভিযোগ। অতিৰিক্ত আৰক্ষী অধীক্ষক আশুতোষ মিশ্ৰই জনাইছে, থানালৈ যোৱাৰ সময়ত যুৱকজনৰ হাতত আছিল ভগ্নীৰ ছিন্নমুণ্ড।

উত্তৰ প্ৰদেশৰ এই ঘটনাই যেন পুনৰ মনত পেলাই দিলে শ্ৰদ্ধা ৱালকাৰৰ মৃত্যুৰ ঘটনা। মনত পেলাই দিলে মহাৰাষ্ট্ৰৰ মীৰা ৰোডত সংঘটিত সৰস্বতী বৈদ্যৰ হত্যাকাণ্ডৰ ঘটনা।

Exit mobile version