Site icon Guwahati Times

ভয়ংকৰ দুৰ্ঘটনাত সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু, পথ পাৰ হ’বলৈ লওঁতেই মহতিয়াই নিলে ট্ৰাকে

টীয়কৰ মুদৈজান তিনিআলিৰ সমীপত ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। শিৱসাগৰ অভিমুখে অহা এখন ট্ৰাকে পথ পাৰ হ’বলৈ লওঁতেই খুন্দা মাৰে এগৰাকী ছাত্ৰীক। দুৰ্ঘটনাত থিতাতে মৃত্যু হয় ছাত্ৰীগৰাকীৰ।

মৃত ছাত্ৰীগৰাকীৰ নাম ফাৰ্হিজা বেগম। টীয়ক ৰজাবাৰী হাইস্কুলৰ সপ্তম শ্ৰেণীত অধ্যয়নত আছিল। দুৰ্ঘটনাৰ পিছতে উতপ্ত পৰিস্থিতিৰপ সৃষ্টি হয় ঘটনাস্থলীত। স্থানীয় ৰাইজে আৱদ্ধ কৰিলে AS-01-DD-1887 নম্বৰৰ ট্ৰাকসহ ট্ৰাকৰ চালকক। টীয়ক আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিত নিয়ন্ত্ৰণ কৰে।

Exit mobile version