Site icon Guwahati Times

ভয়ংকৰ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই কাৰ্লভাৰ্টত খুন্দা তীব্ৰবেগী বাহনৰ

লংকাৰ বামুণগাঁৱত পুৱতিনিশা ভয়ংকৰ পথ দুৰ্ঘটনা। লংকা–লামডিং সংযোগী ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা কালভাৰ্টত প্ৰচণ্ড খুন্দা মাৰে এখন টাটা নেক্সন বাহনে। এই দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হোৱাৰ লগতে আন দুজন লোক।

দুৰ্ঘটনাত পতিত বাহনখনৰ পঞ্জীয়ন নং AS-11W-5800। দুৰ্ঘটনাত নিহত লোক দুজন হাইলাকান্দিৰ ৰিয়াজ উদ্দিন আৰু ছাবিৰ আহমেদ বুলি জানিব পৰা গৈছে। আহত দুজনক ভৰ্তি কৰোৱা হয় হাস্পতালত। ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Exit mobile version