Site icon Guwahati Times

ভুলতো নকৰিব এই ৫টা কাম, মা লক্ষ্মী অসন্তুষ্ট হয়, ঘৰত অভাৱ হ’ব ধনৰ!

হিন্দু ধৰ্মত দেৱ–দেৱীৰ পূজা আৰু ব্ৰতৰ বিশেষ মহত্ব আছে। শাস্ত্ৰত জীৱনলৈ অহা দুখ–কষ্ট দূৰ কৰাৰ লগতে সুখ–শান্তি আনিবলৈ বহু উপায় অৱলম্বন কৰা হয়। প্ৰতিজন ব্যক্তিয়ে নিজৰ ঘৰ–পৰিয়ালত সুখ–শান্তি বিচাৰে। কিন্তু কেতিয়াবা হাজাৰ চেষ্টাৰ পিছতে ঘৰত শান্তিৰ পৰিৱেশ ঘূৰি নাহে। হ’বলগীয়া কাম নৈ নুঠে। যিমানেই কষ্ট কৰক, সফলতা লাভ নকৰে। শাস্ত্ৰ মতে, ধনৰ দেৱী মা লক্ষ্মীক ৰীতি–নীতি অনুসৰি পূজা–অৰ্চনা কৰিলে ঘৰৰ আৰ্থিক সমস্যা দূৰ হয়। দৈনিক জীৱনত মানুহে এনে বহু ভুল কৰে যাৰ বাবে ঘৰত ধনৰ অভাৱ হয়। আহক ভূপাল নিবাসী জ্যোতিষী আৰু বাস্তু পৰামৰ্শদাতা হিতেন্দ্ৰ কুমাৰ শৰ্মাৰ পৰা এই সম্পৰ্কে অধিক জানো।

১. অপশব্দ কোৱা : কিছুমান মানুহৰ সৰু সৰু কথাতে খং উঠে। এনে মানুহে খঙত বিভিন্ন সময়ত অপশব্দ প্ৰয়োগ কৰে। হিন্দু ধৰ্মৰ বিশ্বাস মতে, অপশব্দৰ প্ৰয়োগ কৰিলে মা লক্ষ্মী ক্ষুব্ধ হয়। ইয়াৰ ফলত ঘৰত আৰ্থিক অনাটনে দেখা দিব পাৰে।

২. লেতেৰা কাপোৰ পিন্ধা : মা লক্ষ্মীয়ে পৰিষ্কাৰ–পৰিচ্ছন্নতা খুব ভাল পায়। লেতেৰা ঠাইত মা লক্ষ্মীৰ বাস নহয়। বাস্তু শাস্ত্ৰ মতে, যি ব্যক্তিয়ে লেতেৰা কাপোৰ পিন্ধে, তেওঁৰ ওপৰত মা লক্ষ্মীৰ কৃপা নাথাকে। সেইবাবে সদায় পৰিষ্কাৰ–পৰিচ্ছন্ন কাপোৰ পিন্ধিব লাগে।

৩. বন্তি জ্বলোৱা : হিন্দু ধৰ্মত বন্তি জ্বলোৱা শুভ বুলি গণ্য কৰা হয়। প্ৰতিজন ব্যক্তিয়ে নিজৰ ঘৰত বা মন্দিৰত পুৱা–গধূলি বন্তি জ্বলোৱা উচিত। পৌৰাণিক বিশ্বাস অনুসৰি, যি মানুহে ঘৰত বন্তি জ্বলায়, মা লক্ষ্মী সন্তুষ্ট হয় আৰু এনে লোকৰ ওপৰত মা লক্ষ্মীৰ কৃপাদৃষ্টি থাকে।

৪. অধিক শোৱা : অধিক শোৱা স্বাস্থ্যৰ বাবে হানিকাৰক হয়। ইয়াৰ ফলত স্বাস্থ্য বেয়া হ’ব পাৰে। কিন্তু আপুনি জানেনে হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি, যি ব্যক্তিয়ে প্ৰতিদিনে পুৱা পলমকৈ উঠে আৰু নিশা বহু পলমকৈ শুবলৈ যায় তেওঁলোকৰ প্ৰতি লক্ষ্মী অসন্তুষ্ট হয়। সেইবাবে সদায় পুৱা সোনকালে উঠক। যদি সম্ভৱ হয় তেন্তে ব্ৰহ্ম মুহূৰ্তত উঠক, ইয়াৰ ফলত লক্ষ্মী সন্তুষ্ট হয়।
৫. লেতেৰাকৈ থকা : কিছুমান লোক এনেকুৱা আছে যে নিজৰ ঘৰখনৰ চাফ–চিকুণক লৈ নিজৰ নিদিয়ে। বাস্তু শাস্ত্ৰ অনুসৰি, ঘৰৰ পৰিষ্কাৰ–পৰিচ্ছন্নতাই মা লক্ষ্মীক সন্তুষ্ট কৰে। এনে কৰিলে ঘৰত সাকাৰাত্মক শক্তিৰ সঞ্চাৰ হয়। যি ঘৰত পৰিষ্কাৰ–পৰিচ্ছন্নতা থাকে, মা লক্ষ্মীও সেই ঘৰত বাস কৰে।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

Exit mobile version