Site icon Guwahati Times

ভুৱা প্ৰলোভনেৰে যুৱতীৰ সৈতে ১০ বছৰে প্ৰেমৰ নাটক, লুটিলে ৫ লাখ টকা, তাৰ পিছত আন এগৰাকীক বিয়া পাতি পলাল ভণ্ড প্ৰেমিক

ভুৱা প্ৰেমৰ প্ৰতিশ্ৰুতিৰে এগৰাকী যুৱতীৰ সৈতে ১০ বছৰে প্ৰেম। বিয়াৰ প্ৰলোভন দি লুটি নিলে ৫ লক্ষাধিক টকা। তাৰ পিছত আন এগৰাকী যুৱতীক বিয়া পাতি পলাতক প্ৰেমিক। এই ঘটনা সংঘটিত হৈছে ডিগবৈত। ভণ্ড প্ৰেমিকৰ বিৰুদ্ধে আৰক্ষী থানাত এজেহাৰ দাখিল কৰিছে প্ৰেমিকাই।

তিনিচুকীয়াৰ ডিগবৈৰ পানীখোৱা গাঁৱত এগৰাকী যুৱতীক প্ৰেমৰ নামত প্ৰৱঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। এগৰাকী যুৱতীৰ সৈতে স্থানীয় ৰাম তাঁতী নামৰ এজন যুৱকে দহ বছৰে প্ৰেমৰ নামত নাটক কৰি আছিল। সহজ-সৰল যুৱতীগৰাকীয়ে কিন্তু ৰাম তাতীঁৰ সকলো কথা বিশ্বাসত লৈছিল। বিয়া পতাৰ আশ্বাস দি শাৰিৰীক সম্পৰ্কও গঢ়িছিল যুৱতীগৰাকীৰ সৈতে। যাৰ বাবে দুবাৰকৈ গৰ্ভপাতো কৰাবলগীয়া হৈছিল যুৱতীগৰাকীৰ। কিন্তু ভণ্ড প্ৰেমিকৰ কাৰচাজি তলকিবই পৰা নাছিল প্ৰেমিকাই।

মিঠা মিঠা কথা কৈ যুৱতীগৰাকীৰ দেউতাকৰ পৰা কৌশলেৰে ৰাম তাঁতীয়ে প্ৰায় পাঁচ লাখ টকাও লৈছিল। ইমানেই নহয়, ৰামে যুৱতীগৰাকীৰ পিতৃক আৰু ঋণ ল’বলৈ জোৰ কৰি আছিল। কিন্তু ১০ বছৰে প্ৰেমৰ নাটক কৰা ৰামৰ আচল চৰিত্ৰ অৱশেষত ওলাই পৰিল।

১০ বছৰে প্ৰেমৰ নাটক কৰি আন এগৰাকী যুৱতীক বিয়া পাতিলে ৰামে। বিয়া পাতিয়ে পলায়ন কৰিলে ভণ্ড প্ৰেমিক ৰামে। প্ৰতাৰিত প্ৰেমিকাই ৰামৰ ঘৰলৈ গৈছিল, কিন্তু ৰামৰ ভগ্নীয়ে প্ৰহাৰ কৰি ওভতাই পঠিয়ায়। উপায়হীন হৈ যুৱতীগৰাকীয়ে ডিগবৈ পানীখোৱা ভিডিপিৰ মহিলাৰ সহায়ত ডিগবৈ আৰক্ষীৰ কাষ চাপি যুৱকজনৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ। প্ৰৱঞ্চক প্ৰেমিকৰ বিৰুদ্ধে উচিত শাস্তিৰ দাবী তুলিছে যুৱতীগৰাকীয়ে।

Exit mobile version