Site icon Guwahati Times

ভূপেন বৰাক ২৫ কোটি, ৰকিবুল হুছেইনক ৩০ কোটি আৰু গৌৰৱ গগৈক ৩৫ কোটি টকা দিব! নলবাৰীত ক’লে জয়ন্ত মল্ল বৰুৱাই

এইবাৰ ভূপেন বৰা, ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈক বিজেপিত যোগদান কৰিবলৈ আহ্বান জনালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। বিজেপিত যোগদান কৰিলে আকৰ্ষণীয় অফাৰ আগবঢ়াব বুলিও ক’লে মন্ত্ৰীগৰাকীয়ে। আজি নলবাৰীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তিনি কংগ্ৰেছ নেতালৈ আগবঢ়ালে এই অফাৰ।

আজি কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিলে সুৰেশ বৰাই। গুৱাহাটীত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্ৰী পীযুষ হাজৰিকা, ৰণোজ পেগু, বিধায়ক জিতু গোস্বামীৰ উপস্থিতিত কংগ্ৰেছৰ পৰা সদ্য পদত্যাগী সুৰেশ বৰাই পিন্ধিলে গেৰুৱা বসন। সমষ্টিৰ উন্নয়নৰ কথা চিন্তা কৰিয়ে বিজেপিত যোগদান কৰাৰ সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰে সুৰেশ বৰাই।

সুৰেশ বৰাৰ বিজেপিত যোগদানৰ পিছতে নলবাৰীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ আৰু বিধায়ক ৰকিবুল হুছেইনলৈ আগবঢ়ালে অফাৰ। কিন্তু বিজেপিত যোগদান কৰিলে কি আকৰ্ষণীয় অফাৰ দিব এই তিনি নেতাক?

ভূপেন বৰাক ২৫ কোটি, ৰকিবুল হুছেইনক ৩০ কোটি আৰু গৌৰৱ গগৈক ৩৫ কোটি টকাৰ জলজীৱনৰ ঠিকা দিব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। এই অফাৰ আগবঢ়াই তিনিওগৰাকী নেতাক বিজেপিত যোগদানৰ কৰিবলৈ আহ্বান জনায় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

Exit mobile version