Site icon Guwahati Times

মঙলদৈত বি জে পি নেতাৰ কংগ্ৰেছত যোগদান

মঙলদৈত বি জে পি  নেতাৰ কংগ্ৰেছত যোগদান |

মঙলদৈ , ১৩ এপ্ৰিল ;—–ভাৰতীয় জনতা পাৰ্টীৰ এছ টি মৰ্চাৰ প্ৰাক্তন ৰাজ্যিক উপ সভাপতি বালিৰাম বড়োৱে আজি গেৰুৱা সাজ ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰে । আজি কলাইগাৱত অনুষ্ঠিত কংগ্ৰেছৰ নিৰ্বাচনী সভা এখনত কংগ্ৰেছ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাৰ উপস্থিতিত তেওঁ কংগ্ৰেছ দলত যোগদান কৰে । যোগদান কৰিয়েই বড়োৱে পোনে পোনে মঙলদৈ ৰাজীৱ ভৱনত উপস্থিত হৈ এখন সংবাদ মেলৰ আয়োজন কৰি উক্ত কথা সদৰী কৰে । বি জে পিৰ শীৰ্ষ নেতা গৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাম কাজত অসন্তুষ্ট হৈ বি জে পি দল ত্যাগ কৰা বুলি জানিবলৈ দিয়ে । । বড়ো সাহিত্য সভাৰ সৈতেও জড়িত বালিৰাম বড়োৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত বি জে পিয়ে লোৱা ভুমিকাত ক্ষুন্ন হৈ আৰু ৰাজ্য সভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাই জাতিৰ স্বাৰ্থত গ্ৰহন কৰা ভুমিকাক সমৰ্থন জনাই বি জে পি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰে বুলি প্ৰকাশ কৰে । প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হৰিপ্ৰসাদ শ‌ইকীয়া, সাধাৰণ সম্পাদিকা তথা দৰং জিলাৰ তত্বাৱধায়ক জোনালী বুঢ়াগোহাঁই , প্ৰাক্তন বিধায়ক ইদ্ৰিছ আলি, দৰং জিলা কংগ্ৰেছৰ উপ সভাপতিদ্বয় মহিবুৰ ৰহমান, দুলাল হীৰা, সাধাৰণ সম্পাদক মিৰ্জা ইকবাল আদিৰ উপস্থিতিত বড়োৱে মঙলদৈত কংগ্ৰেছ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাৰ বিজয় এশ শতাংশ নিশ্চিত বুলি দাবী কৰে ।

উল্লেখযোগ্য যে বড়োয়ে ২০১১ চনত দূধনৈ বিধান সভা

সমষ্টিৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দিতা কৰি

মাথো এঘাৰ হাজাৰ ভোটতে
সন্তুষ্ট থাকিবলগীয়া হৈছিল ।

মকছেদ আলি Report- Guwahati Times

Exit mobile version