Site icon Guwahati Times

মঙলৰ দশা বেয়া! ভোট নিদিয়ে দিছপুৰৰ বিধায়ক অতুল বৰাই, ভোটদানৰ পৰিৱৰ্তে বিধায়কজনে কৰিব এই কাম

ভোট নিদিয়ে দিছপুৰৰ বিধায়ক অতুল বৰাই। ভোট দিয়াৰ পৰা বিৰত থাকিব দিছপুৰৰ বিধায়কগৰাকী। নিৰ্বাচনৰ দিনটোত নিজৰ ঘৰতে সোমাই থাকিব অতুল বৰা। এজন জনপ্ৰতিনিধি হোৱাৰ পিছতো কিয় অতুল বৰাই দিবলৈ নাযায় ভোট? নিৰ্বাচনৰ দিনটোত কিয় অতুল বৰা নোলায় ঘৰৰ পৰা?

আজি ৰাজ্যত তৃতীয় তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। অসমৰ চাৰিটা সমষ্টি ক্ৰমে গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। প্ৰতিকূল বতৰকো নেওচি পুৱা ৭ বজাৰ পৰা ভোটকেন্দ্ৰসমূহত শাৰী পাতিছে ভোটাৰসকলে। নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ দল-বলে ওলাই আহিছে ৰাইজ। কিন্তু এজন জনপ্ৰতিনিধি হোৱাৰ পিছতো ভোটদানৰ পৰিৱৰ্তে ঘৰত সোমাই থাকিব অতুল বৰা।

বিধায়ক অতুল বৰাৰ পৰিয়ালৰ বাকী সদস্যসকলেও ভোটদান কৰিব। পত্নী-পুত্ৰই সাব্যস্ত কৰিব নিজৰ গণতান্ত্ৰিক অধিকাৰ। কিন্তু অতুল বৰাইহে নিদিয়ে ভোট। কোনোবাই ভাল পালে পাব, বেয়া পালেও পাব, তালৈ তেওঁৰ ভ্ৰূক্ষেপ নাই। মুঠৰ ওপৰত তেওঁ ঘৰৰ পৰা নোলায় মানে নোলায়।

আচলতে অতুল বৰাৰ মঙলৰ দশা ভাল নহয়! সেয়ে মঙলবাৰে একো নকৰে বিধায়কজনে। মঙলবাৰৰ দিনটোত ঘৰতে সোমাই থাকে তেওঁ। সমষ্টিৰ কাম-কাজ দূৰৰে কথা, ঘৰলৈ কোনো লোকে সাক্ষাৎ কৰিবলৈ আহিলেও সাক্ষাৎ নকৰে অতুল বৰাই।

Exit mobile version