Site icon Guwahati Times

মণিপুৰী বস্তিৰ সংকট জনক অৱস্থাত থকা পুতলা বিস্ফোৰণত গুৰুত্বৰভাৱে আহত দিৱানেছা দেৱীক আৰ্থিক সাহাৰ্য্য লিবাৰেল ষ্টুডেন্ট ইউয়নৰ৷

উল্লেখযোগ্য যে যোৱা ১৩ নৱেম্বৰত খেলি থকা পুতলা বিস্ফোৰণৰ ফলত দিৱানেছা দেৱীৰ হাতৰ তিনিটা আঙুলিৰ লগতে এটা চকুও হেৰুৱাব লগা হয়৷কিন্তু ঘৰৰ আৰ্থিক অৱস্হা দুৰ্বল হোৱা কিশোৰীজনীৰ চিকিৎসাৰ কাৰণে ওলাই অহা নাই কোনো এটা দল— সংগঠন৷সেয়ে বৃহস্পতি বাৰে লিবাৰেল ষ্টুডেন্ট ইউনিয়নৰ অসমৰ সাধাৰণ সম্পাদক আবিদ আহমেদৰ সহযোগত কামৰূপ জিলা প্ৰশাসনৰ সাধাৰণ সম্পাদক জয়দেৱ দাস আৰু লিবাৰেল ষ্টুডেন্ট ইউনিয়নৰ উপদেষ্টা প্ৰদ্যুত মহন্তই ভুক্তভোগী পৰিয়ালটোৰ ওচৰলৈ গৈ আৰ্থিকভাৱে সাহাৰ্য্য আগবঢ়োৱাৰ লগতে যিকোনো সমস্যাৰ বাবে লিবাৰেল ষ্টুডেন্ট ইউনিয়নৰ লগত যোগাযোগ কৰিবলৈ কয় ৷ সংগঠনটোৰ সাধাৰণ সম্পাদক আবিদ আহমেদৰ সমগ্ৰ অসমবাসীৰ ওচৰত অাহ্বান যে দিৱানেছা ভৱিষ্যতৰ দেশৰ নাগৰিক ৷গতিকে আহক সকলোৱে মিলি তাইক সুস্হ কৰি তোলো৷

ইচ্ছুক ব্যক্তিয়ে তলৰ বেংক একাউণ্টৰ জৰিয়তে দিৱানেছা দেৱীক সহায় কৰিব পাৰে৷
পিতা: গকুল সিং
একাউন্ট নম্বৰ: ৮০১২০১০১১০০৬৬৯ (801201011669)
আই এফ এচ চি ক ‘ড : VIJB0008012

ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Exit mobile version