আঠমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা চাবুৱাৰ ভাগ্যলক্ষ্মী দুৱৰাৰ মৃত্যুক সহজে ল’ব পৰা নাই পৰিয়ালৰ লোকে। আজি বুধবাৰে পল্টনবজাৰ থানাত গোচৰ ৰুজু কৰিলে পিতৃয়ে।
যৌতুক আৰু ধন দাবীৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰে পিতৃয়ে। এতিয়া শীঘ্ৰেই গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে স্বামী নীলিম আকাশ মেধি।
গুৰুত্বপূৰ্ণ যে ভাগ্যলক্ষ্মীয়ে কালি লিখি থৈ যোৱা ছুইচাইড নোটৰ আখৰ ভাগ্যলক্ষ্মীৰ নহয় বুলি দাবী কৰিছে পিতৃয়ে। তেওঁ ভাগ্যলক্ষ্মীৰ হাতৰ আখৰ জমা দিব ফৰেনচিকক। পিতৃয়ে সদৰী কৰা মতে, নীলিমে প্ৰায়েই গাড়ী অথবা ফাৰ্নিচাৰ দাবী কৰিছিল ভাগ্যলক্ষ্মীৰ পৰিয়ালক।
শেহতীয়াকৈ সম্পত্তিৰ পৰিৰ্ৱতে ২ লাখ টকা দাবী কৰিছিল। টকা নিদিয়া বাবে
ঘৰৰ লগত যোগাযোগ কৰিব দিয়া হোৱা নাছিল ভাগ্যলক্ষ্মীক। যৌতুক বিচাৰি শাৰীৰিক আৰু মানসিক আতিশয্য চলাইছিল নীলিম আকাশ মেধিয়ে। নিজ কন্যাক হেৰুৱাই ন্যায়ৰ বাট চাইছে দুৰ্ভগীয়া পিতৃ–মাতৃয়ে।
উল্লেখ্য, মাত্ৰ ৮ মাহ পূৰ্বে নগাঁৱৰ নীলিম আকাশ মেধিৰ সৈতে বিয়া হৈছিল চাবুৱাৰ ভাগ্যলক্ষ্মীৰ। বিয়াৰ পিছতে মাক আৰু পত্নীক লৈ কৰ্মক্ষেত্ৰ গুৱাহাটীলৈ আহিছিল নীলিম। লাচিত নগৰৰ শনিৰাম বৰা পথৰ ২ নম্বৰ ঘৰৰ ভাড়াতীয়া হিচাপে থাকি নীলিমে চলাই গৈছিল জিম ইনষ্ট্ৰাকটৰৰ কাম। কিন্তু সেই ভাড়াঘৰতে ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল ভাগ্যলক্ষ্মীৰ মৃতদেহ।
কোঠাৰ ভিতৰৰ চিলিং ফেনত চিপ লৈ ওলমি আছিল ভাগ্যলক্ষ্মীৰ নিথৰ দেহ। ঘটনাৰ পিছতে আৰক্ষী তদন্তত নামে আৰু উদ্ধাৰ হোৱা চিঠিখনৰ হাতৰ আখৰ তথা ফিংগাৰ প্ৰিণ্টৰ অনুসন্ধানৰ বাবে ফৰেনচিকৰ দলো তদন্ত নামে। ইয়াৰ পিছত আজি পিতৃয়ে তোলা অভিযোগে এই ঘটনাক অন্য মোৰ দিয়া সম্ভাৱনা আছে।

