মহানগৰীৰ নুনমাটিত লজ্জাজনক ঘটনা। শাহুৱেকক ধৰ্ষণ কৰাৰ অভিযোগত আটক ভূপেন ডেকা নামৰ এজন লোকক। ঘৰত কোনো নথকাৰ সুযোগ লৈ শাহুয়েকক বলাৎকাৰ কৰাৰ অভিযোগ জোঁৱায়েকৰ বিৰুদ্ধে। ভঙাগড়ৰ পৰা আটক কৰিছে অভিযুক্ত জোঁৱাই ভূপেন ডেকাক।
শুকুৰবাৰে দুপৰীয়া সংঘটিত হৈছিল এই জঘন্য কাণ্ড। পাণবজাৰ মহিলা থানাৰ এ চি পি ভনীতা দাসৰ নেতৃত্বত চলিছিল অভিযান। ভঙাগড়ত আত্মগোপন কৰি আছিল ভূপেন ডেকাই। ভূপেন ডেকাৰ বিৰুদ্ধে পাণবজাৰ মহিলা থানাত ৰুজু হৈছিল এটা গোচৰ।

