Site icon Guwahati Times

মিঞা মিউজিয়াম নহয়, কলাক্ষেত্ৰত ‘আলু-পিঁয়াজ’ৰ মিউজিয়াম দাবী কৰিলে আৰ পি শৰ্মাই

এইবাৰ “মিঞা মিউজিয়াম” নহয়, আন এক মিউজিয়ামৰহে দাবী কৰিলে আৰ পি শৰ্মাই৷ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীৰ “মিঞা মিউজিয়াম”ৰ প্ৰসংগক লৈ ৰাজ্যৰ ৰাজনীতি তোলপাৰ হৈ থকা সময়তে আন এজন কংগ্ৰেছী আৰ পি শৰ্মাই দাবী কৰিলে আন এক মিউজিয়ামৰ।

কংগ্ৰেছ নেতা আৰ পি শৰ্মাই দাবী কৰিলে “আলু-পিঁয়াজ”ৰ মিউজিয়াম নিৰ্মাণৰ৷ আৰ পি শৰ্মাৰ স্পষ্ট মত – ‘অস্বাভাৱিক মূল্যবৃদ্ধিৰ ফলত বহুতে এতিয়া আলু-পিঁয়াজ খাবলৈ বাদ দিছে ৷ এনে অৱস্থাত আলু-পিঁয়াজ এদিন দুস্প্ৰাপ্য সামগ্ৰীলৈ ৰূপান্তৰ হ’ব ৷ সেয়ে ভৱিষ্যত প্ৰজন্মক আলু-পিঁয়াজ কি সেয়া চিনাকী কৰোৱাৰ স্বাৰ্থতে “আলু-পিঁয়াজ”ৰ মিউজিয়াম খোলাৰ দাবী জনালে আৰ পি শৰ্মাই ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো এই ক্ষেত্ৰত গুৰুত্ব প্ৰদানৰ আহ্বান জনাই বিজেপি কাৰ্যালয়ৰ লগতে জিলাই-জিলাই একোটাকৈ আলু-পিঁয়াজৰ মিউজিয়াম খোলাৰ দাবী তোলে কংগ্ৰেছ নেতাগৰাকীয়ে।

Exit mobile version