Site icon Guwahati Times

মেঘালয়ত পথৰ ওপৰত বাগৰি পৰিল গুৱাহাটীৰ পৰা যোৱা বাছ

এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে মেঘালয়ত। মেঘালয়ৰ নংপোত সংঘটিত হোৱা এই পথ দুৰ্ঘটনাত বহু লোক আহত হৈছে।

অৱশ্যে আহত লোকসকলৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।আহতসকলক নিশাই স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

এখন নৈশ বাছ নিয়ন্ত্ৰণহীন হৈ পথৰ পৰা বাগৰি পৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হৈছে। বাছখনৰ নম্বৰ এ আৰ ২০- ৯০৯৯।

দুৰ্ঘটনাত পতিত হোৱা বাছখন গুৱাহাটীৰ পৰা কৰিমগঞ্জৰ বদৰপুৰ অভিমুখে যাত্ৰা কৰিছিল। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰীত সংঘটিত হোৱা আন এক পথ দুৰ্ঘটনাত ৬ জনকৈ লোকৰ মৃত্যু হৈছিল।

Exit mobile version