Site icon Guwahati Times

মোহন ভাগৱতক মাজুলীত সাক্ষাৎ IPS আনন্দ মিশ্ৰৰ

মাজুলীত মোহন ভাগৱতক সাক্ষাৎ আই পি এছ আনন্দ মিশ্ৰৰ। উত্তৰ কমলাবাৰী সত্ৰত মোহন ভাগৱতেৰে সাক্ষাৎ আনন্দ মিশ্ৰৰ। সাংবাদিকৰ প্ৰশ্নত আনন্দ মিশ্ৰই কেৱল নমস্কাৰ জনোৱা বুলি উল্লেখ কৰে যদিও অৱসৰৰ আবেদনৰ পিছতে এই সাক্ষাতে বিশেষ তাৎপৰ্য বহন কৰিছে।

সাংবাদিকৰ আগত আনন্দ মিশ্ৰই কয়, ‘‘ডাঙৰ মানুহ সন্মুখত দেখিলে নমস্কাৰ দিওঁ, সিমানেই, আন একো নাই। লগ কৰা হোৱা নাই। সাক্ষাৎ কৰিলে কথা হয়, মাত্ৰ নমস্কাৰ কৰিছো।’’

উল্লেখযোগ্য যে ভাৰতীয় আৰক্ষী সেৱাৰ পৰা অব্যাহতি বিচাৰি ইতিমধ্যে আবেদন জনাইছে আনন্দ মিশ্ৰই। অব্যাহতি লোৱাৰ পিছত সামাজিক কামনত মনোনিৱেশ কৰাৰ ইচ্ছাৰ কথা প্ৰকাশ কৰিছে বিষয়াগৰাকীয়ে। এফালে, অব্যাহতি লোৱাৰ পিছত ৰাজনীতিৰ পথাৰত খোজ দিব বুলিও চৰ্চা চলিছে আনন্দ মিশ্ৰই।

Exit mobile version