Site icon Guwahati Times

যুৱতীৰে অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেল আৰু অপমৃত্যু, অৱশেষত আটক প্ৰফুল্ল কছাৰীক

মহানগৰীত পানীখাইতিত ছাত্ৰী অপমৃত্যুৰ ঘটনা সন্দৰ্ভত অভিযুক্ত প্ৰফুল্ল কছাৰীক আটক নুনমাটি আৰক্ষীৰ। ছাত্ৰীগৰাকীৰ পৰিয়ালে অভিযোগৰ ভিত্তিত আটক প্ৰফুল্ল কছাৰীক। ধেমাজিলৈ গৈ নুনমাটি আৰক্ষীয়ে কৰিছিল সোধাপোছা পৰিয়ালক।

উল্লেখ্য যে বিগত ২৩ জানুৱাৰীত পানীখাইতি আৰক্ষী চকীৰ সমীপৰ এটা পেয়িং গেষ্টত চৰম পথ লৈছিল পানীখাইতিস্থিত এখন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ ৰেডিঅ’লজি বিভাগত অধ্যয়ন কৰি থকা ধেমাজিৰ এগৰাকী ছাত্ৰীয়ে। তাৰ পাছতে পৰিয়ালৰ লোকৰ ম’বাইল ফোনলৈ আহিছিল কেইবাখনো ফটো। ফটোকেইখনত যুৱতীগৰাকীৰ সৈতে ঘনিষ্ঠ অৱস্থাত দেখা গৈছিল সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ নেতা প্ৰফুল্ল কছাৰীক।

প্ৰফুল্ল কছাৰীয়ে অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেল কৰাৰ অভিযোগ ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালৰ। অৱশেষত নুনমাটি আৰক্ষীয়ে আটক কৰিলে অভিযুক্ত প্ৰফুল্ল গোস্বামীক।

Exit mobile version