Site icon Guwahati Times

যোগী প্রশাসনৰ নির্দেশতে হোলীত প্লাষ্টিক মেৰিয়াই দিয়া হ’ব সাম্ভালৰ ঐতিহাসিক জামা মছজিদ

এফালে চলি আছে পবিত্ৰ ৰমজানৰ নামাজ । আনফালে হোলী। সেয়ে সম্প্ৰীতি ৰক্ষাৰ স্বাৰ্থত প্লাষ্টিক মেৰিয়াই দিয়া হ’ব উত্তৰ প্ৰদেশৰ সাম্ভালৰ বিতৰ্কিত জামা মছজিদকে ধৰি ১০টা মছজিদ । যোগী প্ৰশাসনৰ সিদ্ধান্তক লৈ বিতৰ্ক উত্তৰ প্ৰদেশত  ।

সাম্ভালৰ ঐতিহাসিক জামা মছজিদৰ জৰীপক লৈ কেইমাহমান আগতে সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ স্মৃতি এতিয়াও সতেজ হৈ আছে। স্থানীয় হিন্দু দলে সাম্ভালৰ মছজিদ হৰি মন্দিৰ বুলি দাবী কৰি আদালতৰ কাষ চাপিছিল। তাৰ পাছতে নিম্ন আদালতেও তেওঁলোকৰ পক্ষত ৰায় দিয়ে।মছজিদত এক জৰীপৰ নিৰ্দেশ দিয়া হয়। বিষয়াসকলে যেতিয়া জৰীপ কৰিবলৈ যায় তেতিয়া তেওঁলোকে প্ৰবল বাধাৰ সন্মুখীন হ’বলগীয়া হয়। আৰক্ষী আৰু দুটা গোটৰ মাজত সংঘৰ্ষত চাৰিজন লোক নিহত হয়।

তেতিয়াৰ পৰাই, সাম্ভালৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ আছে। ঘটনাটোক লৈ ৰাষ্ট্ৰীয় ৰাজনীতিও উত্তেজিত হৈ পৰিছে। হোলীত এনে ধৰণৰ কোনো ঘটনাৰ পুনৰাবৃত্তি নিবিচাৰে যোগী প্ৰশাসনে।সাম্ভালৰ আৰক্ষীয়ে ঘোষণা কৰিছে যে সাধাৰণতে হোলীৰ সময়ত শোভাযাত্ৰা পাৰ হৈ যোৱা সময়ৰ বাবে অঞ্চলটোৰ সকলো ধৰ্মীয় স্থান প্লাষ্টিকেৰে আৱৰি দিয়া হ’ব।

স্থানীয় প্ৰশাসনৰ মতে, হিন্দু আৰু মুছলমান উভয়ৰে মতামত লৈ এই সিদ্ধান্ত লোৱা হৈছে। অৱশ্যে বিতৰ্ক ইয়াতেই স্তব্ধ নহয়। ৰাজনৈতিক মহলৰ বক্তব্যই এটা ধৰ্মৰ অনুষ্ঠানক গুৰুত্ব দিলেও আন এটা ধৰ্মৰ ধৰ্মীয় স্থান সামৰি লোৱাটো গ্ৰহণযোগ্য নহয়। ক্ষমতাক লৈ বিতৰ্ক অৱশ্যে ইয়াৰ পূৰ্বেও সংঘটিত হৈছে। ইয়াৰ পূৰ্বে সাম্ভাল আৰক্ষী বিষয়া অনুজ কুমাৰ চৌধুৰীয়ে কৰা মন্তব্যক লৈও বিতৰ্কৰ সৃষ্টি হৈছিল।

আৰক্ষী বিষয়াজনে স্থানীয় মুছলমানসকলক হোলীৰ দিনা গৃহবন্দী হৈ থাকিবলৈ নিৰ্দেশ দিয়ে | তেওঁ কয়, “যদি সংখ্যালঘুসকলৰ শৰীৰত ৰং লগোৱাৰ ক্ষেত্ৰত আপত্তি থাকে, তেন্তে হোলীত ঘৰৰ পৰা ওলাই নাযাব। কাৰণ বছৰত এবাৰ হোলী আহে আৰু শুকুৰবাৰৰ নামাজ বছৰত ৫২ বাৰ আহে। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী যোগীয়েও আৰক্ষী বিষয়াগৰাকীৰ বক্তব্যক সমৰ্থন কৰে। সেই বিতৰ্কৰ পাছতে পুনৰ আৰম্ভ হয় আন  এক নতুন বিতৰ্কৰ ।

Exit mobile version