Site icon Guwahati Times

যোৰহাট জিলা দিৱস উপলক্ষত টীয়কৰ নৱনিৰ্মিত চূড়ামণি পানী যোগান আঁচনিৰ মুকলি কৰিলে সাংসদ তপন কুমাৰ গগৈয়ে l

১৯৮৩ চনৰ এক জুলাইত যোৰহাটক জিলা ঘোষণা কৰা হৈছিল। সেই লৈ যোৰহাট জিলা প্ৰশাসনে আজিৰ পৰা তিনিদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে যোৰহাট জিলা দিৱস উদযাপন কৰিছে।আজি প্ৰথম দিনাৰ বিভিন্ন বিশেষ কাৰ্যসূচীসমূহৰ ভিতৰত টীয়ক সমষ্টিৰ অন্তৰ্গত বামুণপুখুৰী পঞ্চায়তত যোৰহাট জনস্বাস্থ্য কাৰিকৰী বিভাগে জলজীৱন আঁচনিত নিৰ্মাণ কৰা চূড়ামণি নতুন পানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰা হয়।যোৰহাট লোকসভাৰ সাংসদ তপন কুমাৰ গগৈয়ে শুভ উদ্বোধন কৰা এই অনুষ্ঠানত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী,যোৰহাট জিলাৰ উপায়ুক্ত পুলক মহন্ত,জনস্বাস্থ্য কাৰিকৰী বিভাগ যোৰহাট সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ভাস্কৰ শৰ্মা,স্থানীয় বিশিষ্ট শিক্ষাবিদ খগেন ফুকনকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।উল্লেখযোগ্য যে উক্ত আচনিৰ অধীনত জিলাখনত অনাগত দিনত আৰু ত্ৰিশটাকৈ অত্যাধুনিক প্ৰযুক্তিৰে নৱনিৰ্মিত পানী যোগান আঁচনি মুকলি কৰা হ’ব আৰু জিলাখনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোন “হৰ ঘৰ নল হৰ ঘৰ জল “আঁচনিখন ফলপ্ৰসু হ’ব বুলি জানিব পৰা গৈছে।ইপিনে আজি উদ্বোধন কৰা আঁচনিখনে বৃহত্তৰ বামুণ পুখুৰী অঞ্চলৰ প্ৰায় ২৯২ ঘৰ ব্যক্তিৰ গৃহত বিশুদ্ধ পানীৰ যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্তৃপক্ষই।

Exit mobile version