Site icon Guwahati Times

লখিমপুৰত অ‍ব্যাহত আত্মসমৰ্পণৰ ধাৰা

লখিমপুৰত অব্যাহত আছে আত্মসমৰ্পণৰ ধাৰা। লালুক আৰক্ষী থানাত আজি পুনৰ ৬টা নকল সোণ-নকল টকাৰ বেহাৰ মাষ্টাৰমাইণ্ডৰ আত্মসমৰ্পণ। দলহাট আৰক্ষী চকীৰ অন্তৰ্গত বালিটিকা-হৰিপুৰ অঞ্চলৰ চাজান আলী, মতিউৰ ৰহমান, হেদাইতুল ইছলাম, চহিদুল ইছলাম, ৰুহুল আমিন আৰু আফাজ উদ্দিন নামৰ সৰবৰাহকাৰীকেইটাই দীর্ঘদিন ধৰি বিক্ৰী কৰিছিল নকল সোণ। এই মুহূৰ্তলৈকে ৬৫জনে নাওবৈচা বঙালমৰা আৰু লালুক আৰক্ষী থানাত আত্মসমৰ্পণ কৰিছে।

উল্লেখযোগ্য যে জোনমণি ৰাভাৰ মৃত্যুৰ পিছতে বদলি কৰা হৈছিল লখিমপুৰৰ আৰক্ষী অধীক্ষকক। বেদান্ত মাধৱ ৰাজখোৱাক বদলিৰ পিছতে তেওঁৰ স্থানত নিযুক্তি দিয়া হয় আনন্দ মিশ্ৰক। লখিমপুৰৰ আৰক্ষী অধীক্ষক হিচাপে যোগদানৰ পিছতে অপৰাধীক আনন্দ মিশ্ৰই দিছিল সকীয়নি। অপৰাধৰ বিৰুদ্ধে জোৰদান কাম হ’ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল আনন্দ মিশ্ৰই। অপৰাধীক নিজে ওলাই আহিবলৈ সকীয়াই দিছিল আৰক্ষী অধীক্ষকগৰাকীয়ে।

Exit mobile version