Site icon Guwahati Times

লিভ-ইন সম্পৰ্কঃ বিয়া পাতিবলৈ কোৱাৰ বাবে পত্নীৰ সৈতে মিলি প্ৰেমিকাক হত্যা…

দেশত প্ৰতিদিনেই সংঘটিত হৈছে হত্যাকাণ্ডৰ ঘটনা। ইয়াৰ মাজতে পুনৰ এক নৃশংস হত্যাকাণ্ডৰ খবৰ পোহৰলৈ আহিছে। এগৰাকী ২৮ বছৰীয়া যুৱতীক নৃশংসভাৱে হত্যা কৰে বিবাহিত প্ৰেমিকে।

এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পালঘৰত। ঘটনাৰ বিৱৰণী অনুসৰি এগৰাকী ২৮ বছৰীয়া যুৱতীয়ে তেওঁৰ লিভ-ইন প্ৰেমিকৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰাৰ পিছত হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। এই হত্যাকাণ্ডত অভিযুক্তক সহায় কৰিছিল পত্নীয়ে।

হত্যাৰ পাছত প্ৰেমিকে তেওঁৰ পত্নীৰ সহায়ত যুৱতীগৰাকীৰ মৃতদেহটো গুজৰাটৰ এটা অঞ্চলত পেলাই দিয়ে। আৰক্ষীয়ে মৃত্যু হোৱা যুৱতীগৰাকীক নেইনা মাহাত বুলি চিনাক্ত কৰিছে। তেওঁ চলচ্চিত্ৰ উদ্যোগত মেক-আপ আৰ্টিষ্ট হিচাপে কাম কৰিছিল।

আনহাতে অভিযুক্ত মনোহৰ শুক্লা বুলি চিনাক্ত হৈছে। মনোহৰৰ সৈতে ৫ বছৰ ধৰি যুৱতীগৰাকীৰ সম্পৰ্ক আছিল। শুক্লাই পোছাক ডিজাইনাৰ হিচাপে কাম কৰিছিল।

প্ৰাথমিক অনুসন্ধানত পোহৰলৈ আহিছে যে নেইনাই বিয়া পাতিবলৈ শুক্লাক জোৰ কৰি আছিল। যেতিয়া শুক্লাই বিয়া নাপাতো বুলি কৈছিল তেতিয়া তেওঁৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল নেইনাই। শুক্লাই গোচৰটো উঠাই ল’বলৈ কৈছিল। কিন্তু নেইনাই মান্তি নোহোৱাত তাইক হত্যা কৰা হৈছিল।

হত্যাৰ পাছত মৃতদেহটো নিশ্চিহ্ন কৰিবলৈ পত্নীৰ সহায় বিচাৰিছিল। পত্নীয়ে নেইনাৰ মৃতদেহটো ছুটকেচত ভৰোৱাত সহায় কৰিছিল আৰু খাদত পেলাই দিছিল। ৯ আগষ্টৰ দিনা এই ঘটনা সংঘটিত হৈছিল।

নেইনাৰ পৰিয়ালৰ লোকে ১২ আগষ্টত নিৰুদ্দেশৰ গোচৰ ৰুজু কৰিছিল। তাৰপাছতেই আৰক্ষীয়ে অনুসন্ধান কৰাত পোহৰলৈ আহিছিল সমগ্ৰ ঘটনা। মঙলবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শুক্লা আৰু তেওঁৰ পত্নীক।

Exit mobile version