Site icon Guwahati Times

শনিবাৰে এই ১০টা ভুল কেতিয়াও নকৰিব

শনিবাৰটো ভগৱান শনিক উৎসৰ্গিত কৰা হয়।বিশ্বাস মতে, যদি এজন ভক্তই শনিবাৰে সঁচা হৃদয়েৰে শনি দেৱৰ উপাসনা কৰে, তেন্তে তেওঁৰ সকলো সমস্যা আঁতৰ হয়। শনিদেৱে ভক্তক কৰ্ম অনুসৰি ফল দিয়ে। যিজনে ভাল কাম কৰে, তেওঁ ভাল ফলাফল পায় আৰু যিসকলে বেয়া কাম কৰে, তেওঁলোকে বেয়া ফলাফল পায়। শনিৰ গতি আটাইতকৈ লেহেম। যদি কোনো ব্যক্তিৰ ওপৰত শনিৰ কুদৃষ্টি পৰে, তেন্তে তেওঁ দীঘলীয়া সময়ৰ বাবে সমস্যাৰ সন্মুখীন হ’ব লাগে।সেয়েহে, শনিক সন্তুষ্ট কৰিবলৈ শনিবাৰে কিছুমান কাম কৰিব নালাগে। আজি এই বিষয়ে জানো আহক-

শনিবাৰে এই কাম ভুলতো নকৰিব

১) যদি আপুনি সুৰা আসক্ত, তেন্তে এটা কথা মনত ৰাখিব। শনিবাৰে আপুনি ভুলতো সুৰা সেৱন নকৰিব। শনিবাৰে সুৰা সেৱন কৰিলে আপুনি শনিৰ অভিশাপৰ সন্মুখীন হ’ব লাগিব পাৰে।

২) এই দিনটোত পূব, উত্তৰ আৰু উত্তৰ-পূব দিশত ভ্ৰমণ নকৰিব। যদি অতি গুৰুত্বপূৰ্ণ কাম থাকে, তেন্তে ঘৰৰ পৰা ওলোৱাৰ ঠিক আগতে এটুকুৰা আদা খাই ল’ব।

৩) শনিবাৰে চুলি আৰু নখ নাকাটিব।

৪) এই দিনটোত তেল, কাঠ, কয়লা, লো ক্ৰয় কৰাটোও অশুভ বুলি গণ্য কৰা হয়।

৫) শনিবাৰে ভুলতো গাখীৰ বা দৈ নাখাব।

৬)এই দিনত নিমখ ক্ৰয় কৰিলে ঋণৰ বোজা বৃদ্ধি হয়।

৭) শনিবাৰে কেতিয়াও ক’লা তিল কিনিব নালাগে। বিশ্বাস মতে, এই দিনটোত ক’লা তিল কিনাটোৱে কামত বাধা দিয়ে। শনি দশা আঁতৰাবলৈ আপুনি শনিবাৰে আঁহত গছৰ তলত ক’লা তিল আগবঢ়াব পাৰে।

৮) এই দিনটোত কোনো দৰিদ্ৰ-অসহায় ব্যক্তি তথা মহিলাক অপমান কৰা উচিত নহয়।

৯)এই দিনটোত ক’লা জোতা কিনা পৰিহাৰ কৰিব। বিশ্বাস মতে, শনিবাৰে ক্ৰয় কৰা ক’লা জোতাৰ ফলত কামত বিফলতা আহে।

১০) শনিবাৰে কেতিয়াও মিছা কথা নক’ব।

Exit mobile version