নাটখনিৰ ৰচনা উদীয়মান গল্পকাৰ মুনমী বৰদলৈৰ আৰু পৰিচালনা বিশিষ্ট নাট্য শিল্পী পবিত্ৰ কলিতাৰ। নাটখনিৰ পৰিচালনা উপদেষ্টাৰ দায়িত্বত আছিল অভিনেতা পবিত্ৰ প্ৰাণ শৰ্মা। কনক শইকীয়াৰ সামগ্ৰীক পৰিকল্পনাৰ মঞ্চস্থ হোৱা নাট্যসন্ধ্যাটিৰ ব্যৱস্থাপনা আছিল অসমৰ অগ্ৰণি সামাজিক সাংস্কৃতিক অনুষ্ঠান কলং। মুঠ ৩০জন শিল্পীয়ে অভিনয় কৰা নাট্যসন্ধ্যাটিয়ে দৰ্শকৰ হৃদয় চুবলৈ সক্ষম হয়।
শনিবাৰে নগাঁৱত মঞ্চস্থ হ’ল চুতীয়া বীৰাংগনা নাৰী ৰাণী সতী সাধনীৰ জীৱন আধাৰিত নাটক “কামৰূপা”।

