Site icon Guwahati Times

শনি দেৱক সন্তুষ্ট কৰিবলৈ অৱলম্বন কৰক কেৱল মাত্ৰ এইকেইটা উপায়

ন্যায়ৰ দেৱতা আৰু কৰ্মৰ ফল দাতা শনি দেৱৰ নামত উৎসৰ্গ প্ৰতি শনিবাৰ । শনিবাৰৰ পূজাৰ গুৰুত্ব শাওণত আৰু অধিক বাঢ়ি যায়। কোৱা হয় যে শাওণত শনিবাৰে কৰা কিছুমান বিশেষ ব্যৱস্থাই এজন ব্যক্তিক কোটিপতি হোৱাত সহায় কৰে ।

 

শাস্ত্ৰ মতে শনিবাৰৰ দিনটো ভগৱানৰ নামত উৎসৰ্গা কৰা হয় । এই দিনটোত পূজা কৰিলে আৰু কিছু উপায় অৱলম্বন কৰিলে শনি দেৱৰ আশীৰ্বাদ লাভ কৰা হয় । শনিবাৰৰ গুৰুত্ব আৰু অধিক বাঢ়ি যায় শাওণত ৷ কোৱা হয় যে শনিবাৰে কৰা এনে কিছুমান উপায় অৱলম্বন কৰিলে এজন ব্যক্তি কোটিপতি হ’ব পাৰে ৷ শনি দেৱ শিৱৰ গুৰু আছিল বুলি শাস্ত্ৰত কোৱা হয় আৰু ভোলানাথৰ ভক্তৰ কেতিয়াও অমংগল নকৰে শনি দেৱে ।

শনি দেৱক ন্যায়ৰ দেৱতা বুলিও কোৱা হয় । কোৱা হয় শনি দেৱে এজন ব্যক্তিৰ ভাল বেয়া কামৰ ফল দিয়ে । ভাল কাম কৰা সকলে ভাল ফল পায় আৰু বেয়া কাম কৰা সকলে বেয়া ফল পায়। এনেদৰে শনিৰ আশীৰ্বাদ পাবলৈ শাওণ মাহৰ শনিবাৰটো অতি বিশেষ বুলি কোৱা হৈছে । এই দিনটোত শনি দেৱক সন্তুষ্ট কৰিবলৈ আপুনিও নিশ্চয় গ্ৰহণ কৰক এই ব্যৱস্থা ।

শনিবাৰে কৰক এই বিশেষ প্ৰতিকাৰ

জ্যোতিষৰ মতে শনি দেৱৰ বাবে উপবাস কৰাটো অতি উপকাৰী । এই দিনটোত আঁহত গছক বিশেষভাৱে পূজা কৰা হয় । এনে অৱস্থাত সন্ধিয়া আঁহত গছৰ তলত পানী আগবঢ়াই তিল তেলৰ চাকি জ্বলাওক ৷ এনে কৰিলে শনি দেৱ সন্তুষ্ট হ’ব আৰু ভক্তৰ ইচ্ছা পূৰণ কৰিব ৷ যদি এই প্ৰতিকাৰ শনিবাৰে নিয়মিতভাৱে কৰা হয়, তেন্তে অতি সোনকালে অলৌকিক প্ৰতিকাৰ দেখা পোৱা যাব।

কাউৰীক ৰুটী খুৱাব লাগে

শনিবাৰে কাউৰীক ৰুটি খোৱালে শুভ ফল পোৱা যায় বুলি বিশ্বাস কৰা হয়। শনি দেৱ সন্তুষ্ট হৈ ভক্তৰ মনোকামনা পূৰ কৰে ৷ এই প্ৰতিকাৰ কৰিলে এজন ব্যক্তিয়ে ডাঙৰ সমস্যাৰ পৰা মুক্তি পায় আৰু জীৱনলৈ আহি থকা বিপদবোৰ আঁতৰি যায় ।

ক’লা কুকুৰৰ সেয়া কৰক

শাস্ত্ৰত ক’লা কুকুৰক শনি দেৱৰ বাহন বুলি কোৱা হৈছে । এনে পৰিস্থিতিত ন্যায়ৰ দেৱতাক সন্তুষ্ট কৰিবলৈ ক’লা কুকুৰক ৰুটি খুৱাব লাগিব । ইয়াৰ ফলত শনি দেৱ সোনকালে সুখী হয় । এজন ব্যক্তিৰ শনি দোষ আৰু দুখবোৰ আঁতৰি যায় ৷ লগতে ব্যক্তিজনে ঋণৰ পৰা মুক্তি পায় ।

দান-বৰঙণিৰ দ্বাৰা লাভৱান হওক

দান-বৰঙণিৰ গুৰুত্বও শাস্ত্ৰত ব্যাখ্যা কৰা হৈছে । কোৱা হয় যে শনিবাৰে দৰিদ্ৰ আৰু আৰ্তজনক দান দিয়াটো লাভজনক । এই দিনটোত ক’লা ছাতি, কম্বল, দালি, শনি চালিছা, ক’লা তিল, জোতা, চেণ্ডেল আদি দুখীয়া লোকক দান কৰিলে শুভ ফল পোৱা যায়। কোৱা হয় যে শনিবাৰে এইবোৰ বস্তু দান কৰিলে শনি দেৱ বৰ সুখী হয় আৰু ভক্তৰ সকলো দুখ দূৰ কৰে

 

Exit mobile version