Site icon Guwahati Times

শিক্ষয়িত্ৰীয়ে গা-ধোৱা ভিডিঅ’ গোপনে কৰি আছিল ৰেকৰ্ডিং, দেখি চিঞৰ-বাখৰ লগালে শিক্ষয়িত্ৰীয়ে, তাৰপিছত…

সৰভোগত সংঘটিত হৈছে এক জঘন্য ঘটনা। সৰভোগত এগৰাকী শিক্ষয়িত্ৰীৰ গা-ধোৱা গোপন মুহূৰ্তৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি ৰঙাঘৰৰ আলহী হ’ল এজন ১৯-২০ বছৰীয়া এজন কিশোৰ। নিজ গৃহতে যেন আজি অসুৰক্ষিত অসমীয়া জীয়ৰী-বোৱাৰী। কোন দিশে গতি কৰিছে ৰাজ্যৰ ভৱিষ্যত? ৰাজ্যত নাৰী নিৰ্যাতন, ব্লেকমেইলিং, লাভ জেহাদৰ দৰে ঘটনাৰ সমান্তৰালভাৱে বৰপেটাৰ সৰভোগত সংঘটিত হৈছে এই জঘন্য ঘটনা। ঘটনাৰ ভুক্তভোগীয়ে সংবাদ মাধ্যমৰ সন্মুখত দিয়া বিৱৰণ অনুসৰি, শিক্ষয়িত্ৰীগৰাকীয়ে নিজ ঘৰতে গা-ধুই থকা অৱস্থাত আহমেদ উপাধিৰ এজনে গোপনে ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ ঘটনা সংঘটিত হৈছে।

বৰপেটাৰ সৰভোগৰ এখন হাইস্কুলৰ শিক্ষয়িত্ৰীগৰাকীয়ে ঘৰতে গা ধুই থকাৰ সময়তে একেখন গাঁৱৰে স্নাতকৰ ছাত্ৰ আহমেদ উপাধিৰ এজন কিশোৰে মোবাইলেৰে শিক্ষয়ত্ৰীগৰাকীৰ ভিডিঅ’ ৰেকৰ্ডিং কৰিবলৈ চেষ্টা চলায় ৷ এই কথাৰ উমান পাই লগে লগে শিক্ষয়িত্ৰীগৰাকীয়ে চিঞৰ-বাখৰ লগায় ৷ শিক্ষয়ত্ৰীগৰাকীয়ে চিঞৰ-বাখৰ কৰাৰ লগে লগে আহমেদ উপাধিৰ কিশোৰজন তাৰ পৰা দৌৰি পলায়ন কৰে ৷ ভুক্তভোগীয়ে জানিবলৈ দিয়া অনুসৰি অভিযুক্তই পূৰ্বেও শিক্ষয়িত্ৰীগৰাকীৰ গোপন মুহূৰ্ত উপভোগৰ চেষ্টা চলাইছিল কিন্তু অৱশেষত কালি তেওঁক হাতে-লোটে ধৰা পেলায়।

ইপিনে এই ঘটনাৰ পিছতে পৰিয়ালৰ লোকে আজি সৰভোগ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে অভিযুক্তক আটক কৰিছে ৷ নিজ গৃহতে এনেদৰে অসমীয়া জীয়ৰী-বোৱাৰীৰ অসুৰক্ষিত অৱস্থাই যেন ভৱিষ্যত অসমৰ ভয়াৱহ পৰিস্থিতিৰ ছবি এখনকে তুলি ধৰিছে ৷ এইক্ষেত্ৰত দোষীয়ে যাতে সাৰি যাব নোৱাৰে তাৰবাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে আৰক্ষী প্ৰশাসনক কঠোৰ ব্যৱস্থা লোৱাৰ অনুৰোধ জনাইছে ভুক্তভোগী শিক্ষয়িত্ৰীগৰাকীৰ লগতে পৰিয়াল তথা দল সংগঠনে।

Exit mobile version