Site icon Guwahati Times

শিলসাঁকোত নকৰো ডিউটিঃ চুইচাইড নোট লিখি আত্মহত্যা গায়ত্ৰীৰ

পল্টনবজাৰ আৰক্ষী থানাৰ এগৰাকী মহিলা আৰক্ষী সন্ধানহীন। সন্ধানহীন মহিলা কনিষ্টবলগৰাকীয়ে ব্ৰহ্মপুত্ৰৰ বুকুত আত্মজাহ দিয়াৰ সন্দেহ কৰা হৈছে। কনিষ্টবলগৰাকীৰ নাম গায়ত্রী হাজৰিকা। গায়ত্রী হাজৰিকাৰ ঘৰ নগাঁৱৰ বঢ়মপুৰত।

উল্লেখ্য যে, শিলসাঁকোৰ উচ্ছেদত কৰ্মৰত আছিল গায়ত্রী। শিলসাঁকোত কৰ্তব্য পালন নকৰো বুলি গায়ত্রীয়ে কেইবাবাৰো শীৰ্ষ বিষয়াক জনাইছিল। তাৰ পিছতো গায়ত্রী হাজৰিকাক উচ্ছেদত নিয়োগ কৰা হৈছিল । জানিব পৰা মতে জণ্ডিছ ৰোগত আক্ৰান্ত আছিল গায়ত্রী হাজৰিকা।

ইয়াৰ পাছতে মঙলবাৰে শৰাইঘাট দলঙত গায়ত্রীৰ মোবাইলকে ধৰি বহু সামগ্রী উদ্ধাৰ কৰা হয়। উক্ত স্থানতেই গায়ত্রী হাজৰিকাৰ নামত এখন ছুইচাইড নোটো উদ্ধাৰ কৰা হৈছে। সমগ্র ঘটনা গাপ দিয়াৰ চেষ্টা আৰক্ষীৰ। গায়ত্রীৰ সন্ধানত বৰ্তমান ব্রহ্মপুত্র নদীৰ বুকুত আৰক্ষীয়ে অভিযান চলাইছে।

 

 

 

Source: https://www.asomiyapratidin.in/guwahati-news/assam-police-constable-gayatri-hazarika-suicide

 

 

Exit mobile version